অসম

assam

Fire Broke Out In A Passenger Bus: যাত্ৰীবাহী বাছত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যু এজন, আহত 30

By ANI

Published : Nov 11, 2023, 8:29 AM IST

Updated : Nov 11, 2023, 9:15 AM IST

যাত্ৰীবাহী বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে 30 গৰাকী লোক আহত ৷ পশ্চিম বংগৰ পশ্চিম মিদনাপুৰৰ মাদপুৰৰ 16 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই এই দুৰ্ঘটনাটোক দুৰ্ভাগ্যজনক ঘটনা আখ্য দিয়ে ৷

several killed several injured as fire breaks out in passenger bus on NH 16 in West Bengal
পশ্চিম বংগত শোকাৱহ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ:পশ্চিমবংগতশোকাৱহ দুৰ্ঘটনা ৷ যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত সংঘটিত হয় মৰ্মান্তিক ঘটনা ৷ ৰাজ্যখনৰ পশ্চিম মিদনাপুৰৰ মাদপুৰৰ 16 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এখন যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু ফলত এজন লোক নিহত হোৱাৰ লগতে প্ৰায় 30 জন লোক আহত হয় বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত সংবাদ সংস্থা ANI ৰ আগত পশ্চিমবংগৰ মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই কয় যে বাছখন কলকাতাৰ পৰা ওড়িশালৈ গৈ আছিল । যাত্ৰাৰত অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এই তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই কয়, "এয়া এক দুৰ্ভাগ্যজনক ঘটনা আৰু এনে কাণ্ড পূৰ্বে কাহানিও সংঘটিত হোৱা নাই । কলকাতাৰ পৰা ওড়িশা অভিমুখে আহি থকা এখন বাছত অগ্নিসংযোগ ঘটে আৰু ইয়াৰ ফলত এজন লোকৰ মৃত্যু ঘটে ৷ ইয়াৰ বিপৰীতে জুইত আঘাত পোৱাৰ ফলত আন বহু লোক আহতপ্ৰাপ্ত হৈছে । আমাৰ আৰক্ষী অধীক্ষক আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছিল । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পিচত ততাতৈয়াকৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল ৷"

মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই লগতে কয়, " ঘটনাটোৰ ফলত নিশ্চিতভাৱে এগৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে আৰু আন বহু লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে । আমি শনিবাৰে তেওঁলোকক গন্তব্যস্থানলৈ পঠোৱাৰ বাবে ব্যৱস্থা কৰিম ।"

লগতে পঢ়ক:Theft in Rangia:ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত চোৰে চিচিটিভিসহ লুট কৰিলে আ-অলংকাৰ

Last Updated :Nov 11, 2023, 9:15 AM IST

ABOUT THE AUTHOR

...view details