ETV Bharat / state

Theft in Rangia:ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত চোৰে চিচিটিভিসহ লুট কৰিলে আ-অলংকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 11:01 PM IST

ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত চুৰি । পৰিয়ালৰ কোনো লোক নথকাত চোৰে নিলে সোণৰ আ-অলংকাৰ ।

Theft in Rangia
ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত চোৰে চিচিটিভিসহ লুট কৰিলে আ-অলংকাৰ

পিতাম্বৰ হাট বজালীত চোৰে লুটি নিলে চিচিটিভি

ৰঙিয়া, ১০নৱেম্বৰ : ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত চোৰে লুটি নিলে চিচিটিভি,সোনৰ আ-অলংকাৰসহ লক্ষাধিক টকাৰ সা-সম্পত্তি । পৰিয়ালৰ কোনো লোক নথকা অৱস্থাত নিশাৰ ভাগত ঘৰৰ তলা ভাঙি চোৰে চলালে লুট-পাট । অৱসৰপ্ৰাপ্ত শিক্ষক চামচুল হকৰ ঘৰত চোৰে চলালে চাফাই অভিযান । সোণৰ আ-অলংকাৰসহ লক্ষাধিক টকাৰ সা-সম্পত্তি লুটিলে চোৰে । পূৰ্বতেও কেইবাবাৰো এই পৰিয়ালটোৰ পৰাই চোৰে সোণৰ আ-অলংকাৰ, নগদ ধন আৰু মূল্যবান সা-সামগ্ৰী লুটি নিছিল ।

বৃহস্পতিবাৰে নিশাও ঘৰৰ পিছফালৰ গেটৰ তলা ভাঙি তাৰ তিনিটা আলমাৰি, বক্স পালেং আৰু দুটা শ্ব'কেচ আৰু বাকচৰ তলা ভাঙি চোৰে লণ্ড-ভণ্ড কৰে সকলো সা-সামগ্ৰী । তাৰ পিছত দলটোৱে সোণৰ আ-অলংকাৰৰ লগতে মূল্যবান সা-সামগ্ৰী লুটি নিয়ে । ইফালে, এই চুৰি কাৰ্যৰ চাৰিওফালৰ সমস্ত দৃশ্য বন্দী থকা চিচিটিভিৰ মেচিন,মনিটৰ, চিচিটিভি কেমেৰা লৈ উধাও হয় দলটো । পুৱা পৰিয়ালৰ মুৰব্বীয়ে ওচৰ চুবুৰীয়াৰ পৰা এই বিষয়ে জানিব পাৰে । ঘৰৰ সকলো আচবাব লণ্ড-ভণ্ড কৰা আৰু লুটপাট হোৱাটো অৱগত হোৱাৰ পিছত আত্মীয়ৰ জৰিয়তে ৰঙিয়া আৰক্ষীক অৱগত কৰে ।

লগতে পঢ়ক:Menstrual Leave : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ, ঋতুস্ৰাৱৰ বাবে ছাত্ৰীলৈ মাহেকীয়া ছুটীৰ ব্যৱস্থা

উল্লেখ্য যে এই পৰিয়ালটোৰ লোকসকলে পুত্ৰ আৰু কন্যা শিৱসাগৰ আৰু গোলাঘাটত চাকৰি সূত্ৰে থকা বাবে ঘৰটো ওচৰ-চুবুৰীয়াক নজৰ ৰাখিবলৈ কৈছিল যদিও ইয়াৰ মাজতেই পুনৰ চুৰিকাণ্ড সংঘটিত হয় । কন্যাৰ লগত পিতৃ আৰু পুত্ৰৰ লগত মতৃ থাকে বাবে ঘৰৰ দায়িত্ব এনেদৰে অৰ্পণ কৰিছিল । সেই সুযোগ বুজিয়ে চোৰে এনেদৰে লুটপাত চলায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৰ আত্মীয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Guwahati Double Murder: স্মাৰ্ট অসম আৰক্ষী ! পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন পালে ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.