অসম

assam

Hardeep Singh Nijjar murder: হৰদীপ সিং নিজ্জাৰৰ হত্যাকাৰীক বিচাৰি লস্কৰ ই তৈবাৰ সৈতে যোগাযোগ খালিস্তানপন্থীৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:27 AM IST

যিকোনো মূল্যৰ বিনিময়ত হৰদীপ সিং নিজ্জাৰৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ প্ৰতিজ্ঞাবদ্ধ শিখ বিচ্ছিন্নতাবাদীসকল ৷ খালিস্তানী সন্ত্ৰাসবাদী আৰ্শ ডাল্লাই সমগ্ৰ নিযুক্তি অভিযানৰ ওপৰত চকু ৰাখিছে আৰু পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ (Let)ৰ সৈতে যোগাযোগত আছে বুলি NIA ৰ সূত্ৰত প্ৰকাশ ।

Hardeep Singh Nijjar murder
হৰদীপ সিং নিজ্জাৰৰ হত্যাকাৰীক বিচাৰি লস্কৰ ই তৈবাৰ সৈতে যোগাযোগ খালিস্তানীপন্থীৰ

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ প্ৰতিশোধৰ জ্বালাত দহা নিজ্জাৰৰ সতীৰ্থ তথা খালিস্তানীপন্থীসকলে নিজ্জাৰৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ এইবাৰ খালিস্তানীসকলে স্থানীয় গেংষ্টাৰ আৰু ড্ৰাগছ ব্যৱসায়ীৰ সহায় লৈ গুলীচালনা কৰা লোকজনক চিনাক্ত কৰি নিযুক্তি প্ৰদান কৰিছে বুলি NIA ৰ সূত্ৰই ETV Bharat ক জনায় ৷

খালিস্তানী সন্ত্ৰাসবাদী আৰ্ছ ডাল্লাই সমগ্ৰ নিযুক্তি অভিযানটোৰ ওপৰত চকু ৰখাৰ লগতে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ (LeT)ৰ সৈতে অহৰহ যোগাযোগত আছে বুলি চোৰাংচোৱা সংস্থাটোৱে জনায় ৷ খালিস্তানী সন্ত্ৰাসবাদী সংগঠনে পঞ্জাৱ, উত্তৰ প্ৰদেশ, এনচিআৰ, ৰাজস্থানৰ পৰা কেবাজনো দক্ষক নিযুক্তি প্ৰদান কৰিছে ।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই জনোৱা মতে, লস্কৰ ই তৈবাৰ সৈতে শক্তিশালী সম্পৰ্ক থকা কানাডাস্থিত খালিস্তানী সন্ত্ৰাসবাদী আৰ্শদীপ ওৰফে আৰ্শদীপ ডাল্লাই বিচাৰে যে ভাৰতত খালিস্তানী আন্দোলনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আপত্তিৰ পিছত পঞ্জাৱৰ কেইবাজনো হিন্দু নেতাক হত্যা কৰা হওক । পঞ্জাৱ, উত্তৰ প্ৰদেশ, এনচিআৰ আৰু ৰাজস্থানৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহক সন্দেহযুক্ত লোক আৰু স্থানীয় গেং নেতাসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে NIA ই ।

সূত্ৰ অনুসৰি, হত্যাৰ বলি হোৱা ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ সৈতে ডাল্লাই পূৰ্বে ঘনিষ্ঠ যোগাযোগত কাম কৰিছিল । 27 বছৰীয়া ডাল্লাৰ ঘৰ পঞ্জাৱৰ মোগা জিলাত । আনহাতে, তেওঁৰ বিৰুদ্ধে বৰ্তমানলৈ ৰুজু হৈ আছে কমেও 25 টা অপৰাধমূলক গোচৰ । হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু অস্ত্ৰ আইন আৰু ড্ৰাগছ বিৰোধী আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ।

সংস্থাটোৰ সূত্ৰই আৰু কয় যে, দক্ষ শ্বুটাৰসকলক নিযুক্তি প্ৰদানৰ পিছত দীক্ষা গ্ৰহণৰ বাবে পাকিস্তানলৈ প্ৰেৰণ কৰা হ’ব । সূত্ৰই জনোৱা মতে, ডাল্লাই ইতিমধ্যে পাকিস্তানস্থিত লস্কৰ ই তৈবাৰ পৰিচালক ছুহেইলৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিছে আৰু সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আক্ৰমণ চলোৱাৰ পৰিকল্পনা যুগুত কৰিছে ।

ভাৰত বিৰোধী সংগঠনসমূহে বিভিন্ন ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পৰিকল্পনা কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ ভাৰততে খালিস্তানী সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে ব্যাপক অভিযান NIA ই ।

লগতে পঢ়ক:Canada India dispute : ভাৰত কানাডা কূটনৈতিক বিতৰ্ক; সম্পৰ্ক উন্নত হ'লেও পূৰ্বৰ দৰে হোৱাটো কঠিন হ'ব

ABOUT THE AUTHOR

...view details