অসম

assam

Jharkhand Govt Action Against Doctors : ২৯ নৱনিযুক্ত চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ঝাৰখণ্ড চৰকাৰে

By

Published : Aug 12, 2023, 5:21 PM IST

ঝাৰখণ্ড চৰকাৰে ২০২৩ চনৰ ৩-৪ এপ্ৰিলত নিযুক্তি-পত্ৰ লাভ কৰাৰ পিছতো এতিয়ালৈকে নিজ নিজ চিকিৎসালয়ত সেৱা আগনবঢ়োৱা ২৯ জন নৱনিযুক্ত চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে ।

Jharkhand Govt Action Against Doctors
Jharkhand Govt Action Against Doctors

নিউজ ডেস্ক, ১২ আগষ্ট : ঝাৰখণ্ড চৰকাৰে ২৯ জন নৱনিযুক্ত চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ গৈ আছে । এই চিকিৎসকসকলে ২০২৩ চনৰ ৩-৪ এপ্ৰিল তাৰিখে নিযুক্তি-পত্ৰ পোৱাৰ পিছতো এতিয়ালৈকে তেওঁলোকৰ নিজ নিজ চিকিৎসালয়ত সেৱা আগবঢ়োৱা নাই বুলি অভিযোগ কৰা হৈছে । স্বাস্থ্য বিভাগে এনে চিকিৎসকসকলক ১৫ আগষ্টলৈকে কৰ্মত যোগদানৰ বাবে আৰু এটা সুযোগ দিব । তাৰ পাছতো যিসকল চিকিৎসকে কোনো বৈধ কাৰণ অবিহনে যোগদান নকৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ।

উল্লেখ্য যে ঝাৰখণ্ডৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎসকৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগে বিগত ৩ এপ্ৰিলত জেপিএছচিৰ দ্বাৰা বাছনি কৰা ১৭১ জন চিকিৎসকক নিযুক্তি-পত্ৰ প্ৰদান কৰিছিল । নিযুক্তি-পত্ৰৰ সৈতে সকলো নৱনিযুক্ত চিকিৎসককে বিভিন্ন চিকিৎসালয়লৈ সেৱা আগবঢ়াবলৈ কোৱা হৈছিল । কিন্তু নিযুক্তি-পত্ৰ লাভ কৰাৰ চাৰি মাহৰো অধিক সময়ৰ পিছতো এই ১৭১ জন চিকিৎসকৰ ভিতৰত ২৯ জনে তেওঁলোকৰ নিজ নিজ চিকিৎসালয়লৈ যোৱা নাই । স্বাস্থ্য বিভাগে এই সন্দৰ্ভত বৰ্তমান এক সম্পূৰ্ণ ৰূপৰেখা প্ৰস্তুত কৰিছে, যাৰ ফলত এই ২৯ জন চিকিৎসকক সেৱা আগবঢ়োৱাৰ বাবে আন এটা সুযোগ প্ৰদান কৰা হৈছে ।

নিযুক্তি-পত্ৰ লাভ কৰাৰ পিছত তেওঁলোকৰ কৰ্মস্থানত (চিকিৎসালয়) সেৱা আগনবঢ়োৱা প্ৰায় ২৯ জন চিকিৎসকক দায়িত্ব গ্ৰহণ নকৰাৰ কাৰণ উল্লেখ কৰি ১৫ আগষ্টৰ ভিতৰত সংশ্লিষ্ট জিলাৰ অসামৰিক শল্য চিকিৎসকলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে । আনহাতে, কৰ্মত যোগদান নকৰা চিকিৎসকসকলক ভৱিষ্যতে ঝাৰখণ্ডত চৰকাৰী চাকৰিৰ বাবে অযোগ্য ঘোষণা কৰাৰ উপৰি স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক (এনএমচি) এনে চিকিৎসকসকলৰ চিকিৎসা পঞ্জীয়ন বাতিল কৰিবলৈও পৰামৰ্শ দিব ।

আনহাতে, নিযুক্তি-পত্ৰ লাভ কৰাৰ পিছতো চিকিৎসালয়ত সেৱা আগনবঢ়োৱা চিকিৎসকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তাই কয় যে যিসকল চিকিৎসকে তেওঁলোকৰ দায়িত্ব পালন নকৰে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো প্ৰয়োজন । তেওঁ কয় যে বিভাগটোৱে চিকিৎসকসকলৰ এখন তালিকাও প্ৰস্তুত কৰি আছে, যিসকলে তেওঁলোকক অৱগত নকৰাকৈ বছৰ বছৰ ধৰি সেৱাৰ পৰা নিৰুদ্দেশ হৈ আছে । তেওঁ কয় যে চৰকাৰ উদাৰ, কিন্তু আমি স্বাস্থ্য ব্যৱস্থাও সূচাৰুৰূপে চলাব লাগিব ।

ইফালে ঝাৰখণ্ড আইএমএৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ সিঙে চিকিৎসালয়লৈ সেৱা আগনবঢ়োৱা চিকিৎসকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ চৰকাৰৰ পৰিকল্পনাক গৰিহণা দিছে । ডাঃ প্ৰদীপ সিঙে ইটিভি ভাৰতক ফোনযোগে কয় যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে চৰকাৰ আৰু স্বাস্থ্য বিভাগে ৰাজ্যখনৰ যুৱ চিকিৎসকসকলে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ কিয় আগ্ৰহী নহয় সেই বিষয়ে চিন্তা কৰা উচিত । ৰাজ্যখনৰ পৰা কিয় এজন প্ৰতিভাশালী আৰু প্ৰতিশ্ৰুতিৱান যুৱ চিকিৎসকে বিহাৰ আৰু আন ৰাজ্যলৈ গৈ কাম কৰে সেই দিশটোৰ ওপৰত গুৰুত্ব দিবলৈও তেওঁ কয় । ডাঃ প্ৰদীপ সিঙে লগতে কয় যে যদি তেওঁলোকে একে ধৰণৰ পদক্ষেপৰ ভয় প্ৰদৰ্শন কৰি থাকে, তেন্তে অনাগত দিনত চিকিৎসকসকলে ইয়াত চৰকাৰী চাকৰিৰ বাবে আবেদন নকৰিব ।

লগতে পঢ়ক :Mamata Banerjee on PM: দুৰ্নীতিৰে পোত খাই আছে দেশৰ প্ৰধানমন্ত্ৰী; মমতা বেনাৰ্জী

ABOUT THE AUTHOR

...view details