অসম

assam

প্ৰথমবাৰলৈ CMF ৰ অনুশীলনত ভাৰতীয় নৌসেনাৰ জাহাজ INS Sunayna

By

Published : Sep 28, 2022, 6:16 PM IST

ছেচেলইছত অনুষ্ঠিত সংযুক্ত সামুদ্ৰিক বাহিনীৰ অনুশীলনত প্ৰথমবাৰলৈ ভাৰতীয় নৌসেনাৰ জাহাজ (INS) সুনন্যাই অংশগ্ৰহণ কৰে (Indian Naval Ship in CMF)। ভাৰতীয় নৌসেনাক ভাইচ এডমিৰেল ব্ৰেড কুপাৰ US NAVCENTয়ে CMFলৈ আদৰণি জনায় ।

India
CMFৰ অনুশীলনত ভাৰতীয় নৌসেনা জাহাজৰ অংশগ্ৰহণ

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :ভাৰতীয় নৌসেনাৰ জাহাজ (INS) সুনন্যাই ২৪-২৭ ছেপ্টেম্বৰত ছেচেলইছত অনুষ্ঠিত সংযুক্ত সামুদ্ৰিক বাহিনীৰ (CMF) দ্বাৰা পৰিচালিত ক্ষমতাৰ অনুশীলন অপাৰেচন চাউদাৰ্ণ ৰেডিনেছত অংশগ্ৰহণ কৰে (INS Sunayna participated in CMF)। ভাৰতীয় নৌসেনাক ভাইচ এডমিৰেল ব্ৰেড কুপাৰ US NAVCENTয়ে CMFলৈ আদৰণি জনায় (US NAVCENT welcomed INS)। CMF অনুশীলনত ভাৰতীয় নৌসেনাৰ জাহাজৰ এয়া প্ৰথম অংশগ্ৰহণ ।

অংশগ্ৰহণকাৰী দেশসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা মত বিনিময় অনুষ্ঠানৰ অংশ হিচাপে ভাৰতীয় নৌসেনাই সামুদ্ৰিক ডমেইন সজাগতা সম্পৰ্কে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে । ভাৰতীয় নৌসেনা দলৰ সমৰ্থনত ছেচেলইছৰ বিশেষ বাহিনীৰ নেতৃত্বত HMS মণ্ট্ৰোজত ভিজিট বোৰ্ড অনুসন্ধান আৰু জব্দ (VBSS) অভিযানৰ এক পোনপটীয়া প্ৰদৰ্শনীও অনুষ্ঠিত হয় ।

অনুষ্ঠানটোত ছেচেলইছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ৱেভেল ৰামকালাৱান (President of Republic of Seychelles) আৰু চিএমএফৰ সদস্য দেশসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে । যুটীয়া অনুশীলনত ভাৰতীয় নৌসেনাৰ অংশগ্ৰহণক যথেষ্ট প্ৰশংসা কৰা হয় ।

লগতে পঢ়ক :চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

ABOUT THE AUTHOR

...view details