চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

author img

By

Published : Sep 28, 2022, 12:32 PM IST

sela

চেলা পাছৰ সুৰংগৰ ৮০% কাম সম্পূৰ্ণ (Sela Tunnel of Arunachal Pradesh) । দ্ৰুতগতিত চলি আছে নিৰ্মাণকাৰ্য । 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য । অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰতে সংযোগ কৰা সাগৰ পৃষ্ঠাৰ পৰা 13,000 ফুটৰ ওপৰৰ উচ্চতাত পৃথিৱীৰ আটাইতকৈ দীঘল দ্বৈত-লেন পথৰ সুৰংগ । উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই সুৰংগই ।

তেজপুৰ, ২৮ ছেপ্টেম্বৰ : প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু বৌদ্ধ নগৰী টাৱাং (Tawang in Arunachal Pradesh) জিলাৰ সীমান্তত থকা চেলা পাছৰ নিৰ্মীয়মাণ সুৰংগ 'চেলা টানেল' (Sela Tunnel of Arunachal Pradesh) । সাগৰ পৃষ্ঠাৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম দ্বৈত-লেনৰ পথ সুৰংগ (Sela tunnel will be world high altitude tunnel) ।

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজিৰে পৰা তেওঁৰ অসম-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ সময়ত এই সুৰংগৰ স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰত জানিব পৰা গৈছে (Defence Minister Rajnath Singh) । সুৰংগটোৰ মুঠ দৈৰ্ঘ্য 11.204 কিলোমিটাৰ আৰু 9.220 কিলোমিটাৰ পদপথৰ দূৰত্ব । এই সুৰংগৰে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ অৰ্থাৎ চেলা পাছৰ সমগ্ৰ স্নিগ্ধ তুষাৰাবৃত্ত পৰ্বতমালা অতিক্ৰম কৰি ভাৰত-চীন সীমান্তলৈ যাব পাৰিব ।

চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য
চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

ইয়াৰ ফলত প্ৰায় 9.220 কিলোমিটাৰ দূৰত্ব কমিব । দুটা সুৰংগত এটা টিউবৰ দৈৰ্ঘ্য 8.8 কিলোমিটাৰ । এই সফলতাই দুটা টিউব অৰ্থাৎ 1,555 মিটাৰ দুফালৰ টিউব আৰু 90 মিটাৰ টিউবৰ পৰা ওলাই সংযোগ হোৱা চেলা টানেল সংযুক্ত কৰিছে । সুৰংগৰ ভিতৰত থাকিব অত্যাধুনিক লাইট, চিচি কেমেৰা আৰু প্ৰস্থান দুৱাৰ ।

প্ৰস্থান দুৱাৰসমূহৰ তদাৰক ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ (Border Roads Organization) দায়িত্বত থকা বিষয়াই কৰিব আৰু যিকোনো সময়তে সংঘটিত হ'ব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি । সীমান্ত পথ সুৰক্ষা সংস্থা অর্থাৎ ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ সঞ্চালকে (DGBR) ২০২১ চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল । এই সুৰংগৰ ইতিমধ্যে সম্পূৰ্ণ খনন সমাপ্ত হৈছে ।

চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য
চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰত সংযোগ স্থাপন কৰাৰ বাবে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত চেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল । সুৰংগটোৰ নিৰ্মাণ 1 এপ্ৰিল, 2019 তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম বিস্ফোৰণ 31 অক্টোবৰ, 2019 তাৰিখে সংঘটিত হৈছিল । বৰ্তমান চেলা সুৰংগৰ খনন দ্ৰুত গতিত হৈছে । 1,555 মিটাৰ সুৰংগৰ এস্কেপ টিউবৰ শেষৰ বিস্ফোৰণটোও সমাপ্ত হৈছে, যিটো নিৰ্ধাৰিত সময়তকৈ বহু আগতেই সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে ।

চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য
চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

কোভিড-19 ৰ বাবে কিছু সীমাবদ্ধতা আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতি সত্ত্বেও যোৱা 6-10 মাহত কামৰ গতি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । অৱশ্যে এই বছৰ জানুৱাৰী মাহৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাতৰ বাবে আৰু পৰৱৰ্তী সময়ত অত্যধিক বৰষুণৰ বাবে ইয়াৰ লগত সংযুক্ত পথৰ কাম সম্পূৰ্ণ হৈ উঠা নাই । যাৰ বাবে 2022 চনৰ অক্টোবৰ মাহৰ পৰিৱৰ্তে 2023 চনৰ এপ্ৰিল মাহত পথৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে । এই সুৰংগৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত চেলা টানেল হ'ব 13,000 ফুটতকৈও অধিক উচ্চতাত পৃথিৱীৰ আটাইতকৈ দীঘল দ্বৈত-লেনৰ পথ সুৰংগ ।

চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য
চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

শেহতীয়াভাৱে নিউ অষ্ট্ৰিয়ান টানেলিং মেথড (New Austrian Tunneling Method) ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই অনন্য সুৰংগটো বৰফৰ লাইনৰ যথেষ্ট তলত আছে । যাৰ বাবে বৰফ জমা হোৱাৰ প্ৰত্যাহ্বান দূৰ কৰি সকলো বতৰতে ইয়াৰ দ্বাৰা যাতায়াত কৰিব পৰা যাব । উল্লেখ্য, চেলা টানেলটা টাৱাঙৰ লোকসকলৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব । কিয়নো ই যাতায়াতৰ সময় হ্ৰাস কৰিব আৰু চেলা পাছৰ ওপৰেৰে দ্ৰুত গতি নিশ্চিত কৰিব ।

ই কেৱল অৰুণাচল প্ৰদেশৰ উন্নয়নতে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেয়া নহয় । প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰতিকূল বতৰতো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে প্ৰমাণিত হ'ব । বিশেষকৈ বিভিন্ন সুৰক্ষা বাহিনী আৰু সীমান্তত নিয়োজিত হৈ থকা ভাৰতীয় সেনাৰ বাবে ই এক মাইলৰ খুঁটি হিচাবে পৰিগণিত হ'ব ।

লগতে পঢ়ক :দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ মাৰ্কিন সুৰক্ষা উপদেষ্টাৰে বৈঠক জয়শংকৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.