দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ মাৰ্কিন সুৰক্ষা উপদেষ্টাৰে বৈঠক জয়শংকৰৰ

দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ মাৰ্কিন সুৰক্ষা উপদেষ্টাৰে বৈঠক জয়শংকৰৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আৰু আন কেইবাটাও বিশ্ব শক্তিয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ বৰ্ধিত সামৰিক মনোভাবৰ পটভূমিত অঞ্চলটোক এক স্বতন্ত্ৰ, মুক্ত আৰু সমৃদ্ধ কৰি ৰখাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰি আহিছে (US and India bilateral relation)।
নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (External Affairs Minister S Jaishankar) হোৱাইট হাউছত (White House) আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰে (US National Security Advisor) । উক্ত সাক্ষাৎকালত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী তথা গভীৰ কৰা আৰু এক মুক্ত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ উপায়ৰ বিষয়ে আলোচনা কৰে । উল্লেখ্য, চাৰিদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে ৱাশ্বিংটনলৈ যোৱা জয়শংকৰে মঙলবাৰে ছুলিভানৰ সৈতে ইউক্ৰেইন সংঘাতৰ বিষয়েও আলোচনা কৰে (Jaishankar met US National Security Advisor) ।
"আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্ব গভীৰ কৰা, ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ (Russia war in Ukraine) প্ৰভাৱ হ্ৰাস কৰা আৰু স্বতন্ত্ৰ, মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে আমাৰ অংশীদাৰী প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিবলৈ আজি ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰোঁ ।" ছুলিভানে এক টুইটযোগে এনেদৰে কয় । উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আৰু আন কেইবাটাও বিশ্ব শক্তিয়ে অঞ্চলটোত চীনৰ বৰ্ধিত সামৰিক মনোভাবৰ পটভূমিত এক স্বতন্ত্ৰ, মুক্ত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰি আহিছে ।
উল্লেখ্য, চীনে বিতৰ্কিত দক্ষিণ চীন সাগৰৰ প্ৰায় সকলো অঞ্চল দাবী (China claims disputed South China Sea) কৰি অহাৰ বিপৰীতে টাইৱান, ফিলিপাইনছ, ব্ৰুনেই, মালয়েছিয়া আৰু ভিয়েটনামে ইয়াৰ কিছু অংশ দাবী কৰিছে । বেইজিঙে দক্ষিণ চীন সাগৰত কৃত্ৰিম দ্বীপ আৰু সামৰিক ঘাটি নিৰ্মাণ কৰিছে । জয়শংকৰে কয় যে তেওঁলোকে ইউক্ৰেইন সংঘৰ্ষ আৰু ইয়াৰ প্ৰতিক্ৰিয়া, ভাৰত-প্ৰশান্ত মহাসাগৰীয় পৰিস্থিতি, দক্ষিণ এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ বিষয়ে আলোচনা কৰে । বৰ্তমানৰ বিশ্বব্যাপী অৰ্থনৈতিক অস্থিৰতাৰ (global economic volatility) ক্ষেত্ৰত মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে এক টুইটযোগে এই কথা কয় ।
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ ভাললগা বুলিও জয়শংকৰে কয় । ইয়াৰ উপৰি দিনটোৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে পাপুৱা নিউ গিনিৰ বৈদেশিক মন্ত্ৰী জাষ্টিন টাকাটচেঙ্কোক সাক্ষাৎ কৰে । তাত তেওঁ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ সৈতে চলি থকা ভাৰতৰ সহযোগিতাৰ বিষয়ে কয় । আগন্তুক দিনত এই প্ৰক্ৰিয়া আগুৱাই নিয়াৰ বাবে পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিব বুলিও তেওঁ কয় ।
লগতে পঢ়ক :তেলৰ মূল্যবৃদ্ধিয়ে ভাৰতক মাধমাৰ শোধাইছে : জয়শংকৰ
