অসম

assam

২০৩০ চনৰ ভিতৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:58 PM IST

এছ এণ্ড পি গ্লোবেল ৰেটিংছৰ মতে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব । অৱশ্যে এই সময়ছোৱাত সুযোগ মুকলি আৰু গোলকীয় উৎপাদন কেন্দ্ৰ হোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰত । অহা ৩ বছৰত ভাৰতত দ্ৰুতগতিত বিকশিত মুখ্য অৰ্থনীতি হ'ব ।

India to be third largest economy by 2030
২০৩০ চনৰ ভিতৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ :২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব । কিন্তু অপৰিসীম সুযোগ মুকলি কৰা আৰু পৰৱৰ্তী বৃহৎ গোলকীয় উৎপাদন কেন্দ্ৰ হোৱা দেশখনৰ বাবে ডাঙৰ পৰীক্ষা হ'ব । মঙলবাৰে এছ এণ্ড পি গ্লোবেল ৰেটিংছে এই কথা প্ৰকাশ কৰিছে । আমেৰিকাৰ ৰেটিং সংস্থাটোৱে আশা কৰিছে যে অহা ৩ বছৰত ভাৰত দ্ৰুতগতিত বিকশিত মুখ্য অৰ্থনীতি হ'ব । ২০২৬ চনৰ ভিতৰত জিডিপি বৃদ্ধি হৈ ৭ শতাংশত উপনীত হ'ব । চলিত বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৬.৪ শতাংশ ।

এছ এণ্ড পি গ্লোবেল ৰেটিংছৰ মতে ২০২৩ চনৰ মাৰ্চত সমাপ্ত হোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৭.২ শতাংশ বৃদ্ধি পাইছে । জুনৰ পৰা ছেপ্টেম্বৰলৈ এই ৩ মাহত ভাৰতৰ জিডিপি ক্ৰমান্বয়ে ৭.৮ শতাংশ আৰু ৭.৬ শতাংশ সম্প্ৰসাৰিত হৈছে । এছ এণ্ড পি গ্লোবেল ৰেটিংছে আশা কৰা মতে অহা তিনি বছৰৰ ভিতৰত দ্ৰুতগতিত বিকশিত হোৱা মুখ্য অৰ্থনীতি হ'ব । অৱশ্যে ভাৰত পৰৱৰ্তী বৃহৎ গোলকীয় উৎপাদন কেন্দ্ৰ হ'ব পাৰিবনে নাই সেয়া ডাঙৰ প্ৰত্যাহ্বান হ'ব ।

এছ এণ্ড পিয়ে 'গ্লোবেল ক্ৰেডিট আউটলুক ২০২৪: নিউ ৰিস্কছ, নিউ প্লেবুক' শীৰ্ষক প্ৰতিবেদনত কয় যে ভাৰতক সেৱা প্ৰধান অৰ্থনীতিৰ পৰা উৎপাদন-প্ৰভাৱশালী অৰ্থনীতিলৈ ৰূপান্তৰ কৰাত এক শক্তিশালী লজিষ্টিক ফ্ৰেমৱৰ্ক বিকশিত কৰাটো গুৰুত্বপূৰ্ণ হ'ব ।

২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত ৩.৭৩ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ জিডিপিৰ ভাৰত বৰ্তমান আমেৰিকা, চীন, জাৰ্মানী আৰু জাপানৰ পাছত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ আছে । আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) ২০২৭-২৮ বৰ্ষত তৃতীয় সৰ্ববৃহৎ জিডিপিৰ সৈতে ভাৰতক ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হ'ব বুলি অনুমান কৰিছিল ।

এছ এণ্ড পিয়ে কয় যে শ্ৰমিক বজাৰৰ সম্ভাৱনা মুকলি কৰাটো মুখ্যতঃ শ্ৰমিকসকলক উৎসাহিত কৰা আৰু কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ ওপৰত নিৰ্ভৰ কৰিব । ঘৰুৱা ডিজিটেল বজাৰে পৰৱৰ্তী দশকত ভাৰতৰ উচ্চ-বিকাশৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰত সম্প্ৰসাৰণত ইন্ধন যোগাব পাৰে । এছ এণ্ড পিয়ে লগতে কয় যে ২০২৪ চনত ৫০ খনতকৈও অধিক দেশত নিৰ্বাচন (ৰাষ্ট্ৰপতি বা আইনী) আছে । তাৰ প্ৰভাৱ বিশ্বজুৰি পৰিব পাৰে ।

এছ এণ্ড পিয়ে কয় যে ইউক্ৰেইন আৰু ইজৰাইলৰ বাবে অতিৰিক্ত পুঁজিৰ বাবে সমৰ্থন সন্দৰ্ভত কংগ্ৰেছৰ বিভিন্ন স্থিতিৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰাচ্য আৰু ৰাছিয়া-ইউক্ৰেইন দুয়োটা পৰিস্থিতিত অনিশ্চয়তাৰ স্তৰ যোগ দিছে । প্ৰতিষ্ঠানটোৱে লগতে কয় যে ইণ্ডোনেছিয়া, ভাৰত, দক্ষিণ আফ্ৰিকা আৰু মেক্সিকোকে ধৰি বহুতো দেশত ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :শীতকালীন অধিবেশন, ৰাজ্যসভাত দেশৰ অৰ্থনৈতিক পৰিস্থিতিকলৈ হ'ব আলোচনা

ABOUT THE AUTHOR

...view details