অসম

assam

প্ৰচণ্ড শীতৰ কৱলত দিল্লীসহ উত্তৰ ভাৰত

By ANI

Published : Dec 25, 2023, 12:14 PM IST

প্ৰচণ্ড শীতৰ কৱলত ৰাজধানী দিল্লী (Delhi in the grip of severe cold)। ঠায়ে ঠায়ে জুইৰ উম লৈ শীতৰ পৰা পৰিত্ৰাণৰ প্ৰয়াস স্থানীয় লোকৰ । ৰাজধানী চহৰত বায়ু প্ৰদূষণেও ভয়ংকৰ ৰূপ লৈছে ।

Cold wave tightens grip on north India
প্ৰচণ্ড শীতৰ কৱলত দিল্লীসহ উত্তৰ ভাৰত

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ :দেশৰ ৰাজধানী চহৰ দিল্লীকে ধৰি উত্তৰ ভাৰতত প্ৰচণ্ড শীত প্ৰবাহে সাধাৰণ জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে । সোমবাৰে ঘন কুঁৱলীয়ে আগুৰি ধৰে সমগ্ৰ দিল্লী চহৰক । যাৰ বাবে দিল্লীবাসীয়ে পুৱাই প্ৰচণ্ড শীত অনুভৱ কৰে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে সোমবাৰে পুৱা দিল্লীৰ তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলচিয়াছ আছিল ।

দিল্লীৰ কেইবাটাও স্থানত ঘন কুঁৱলীৰ বাবে পৰিৱেশ যথেষ্ট অস্পষ্ট আছিল । ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বেছিভাগ অংশতো অস্পষ্ট পৰিস্থিতিৰ বাবে যান-বাহনৰ চলাচলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । দেওবাৰে, সৰ্বনিম্ন তাপমাত্ৰা ৯.১ ডিগ্ৰী চেলচিয়াছ আছিল বুলি জানিব পৰা গৈছে ।

শীতৰ বাবে নিশা বহুতে ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন স্থানৰ আশ্ৰয়স্থলত আশ্ৰয় বিচাৰিবলগীয়া হয় । আন স্থানবোৰতো একে ধৰণৰ দৃশ্য দেখা গৈছে । স্থানীয় লোকসকলে লোধি ৰোড অঞ্চলত একত্ৰিত হৈ জুইৰ উম লৈ শীতৰ পৰা পৰিত্ৰাণৰ চেষ্টা কৰা দেখা গৈছে ।

লোধি ৰোড, মুনিৰ্কা, আৰ কে পুৰম আৰু এইমছৰ ওচৰৰ ৰিং ৰোডৰ সমীপত কুঁৱলীৰ এক ডাঠ আৱৰণ দেখা গৈছে । যাৰ বাবে ৰাজপথত অতি নগণ্য বাহন আৰু পথচাৰী দেখা গৈছে । ইয়াৰ উপৰিও, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰদান কৰা তথ্য অনুসৰি, সোমবাৰে দিল্লীৰ বায়ুৰ সূচাংক 'অতি দুৰ্বল' শ্ৰেণীত দেখা গৈছে । কিয়নো বায়ুৰ সূচাংক প্ৰায় ৪০০ আছিল । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সকলো অপ্ৰয়োজনীয় নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰা হৈছে ।

ইফালে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত শীতৰ অত্যধিক প্ৰকোপ দেখা গৈছে । প্ৰচণ্ড শীতৰ বাবে কোনো কোনো অঞ্চলত সাধাৰণ জীৱন যাপনো কঠিন হৈ পৰিছে ।

লগতে পঢ়ক :Year-ender 2023: বায়ু প্ৰদূষণৰ বাবে অস্বস্তিত দিল্লীবাসী, পূৰ্বৰ সকলো অভিলেখ ভংগ

ABOUT THE AUTHOR

...view details