অসম

assam

Shiv Sena crisis : স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ

By

Published : Jun 26, 2022, 1:39 PM IST

মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ শিৱসেনা চৰকাৰ তথা দল সংকটত (Maharashtra Shiv Sena crisis)। দলক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৰণক্ষেত্ৰত নামিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰশ্মি ঠাকৰে । বিদ্ৰোহী বিধায়কৰ পত্নীসকলৰ সৈতে সঘনাই সংযোগ স্থাপন কৰিছে ৰশ্মি ঠাকৰেয়ে । একাংশ বিধায়কৰ পত্নীসকলে ৰশ্মি ঠাকৰেৰ আৱেগিক আবেদনৰ প্ৰতি সঁহাৰি জনাইছে ।

Shiv Sena crisis
স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ

নেশ্যনেল ডেস্ক,২৬ জুন :শেহতীয়াকৈ মহাৰাষ্ট্ৰত বিসম্বাদৰ ৰাজনীতি আৰম্ভ হৈছে (Maharashtra political crisis)। মহাৰাষ্ট্ৰত শাসন চলাই থকা শিৱসেনাৰ এই বিসম্বাদে দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিসম্বাদে এনে ৰূপ ধাৰণ কৰিছে যে একপ্ৰকাৰ শিৱসেনা দল বিভাজন হোৱাৰ উপক্ৰম হৈছে ।

বিসম্বাদী বিধায়কসকলে নতুন দল খোলাৰ যো-জা চলোৱা বুলিও এক চৰ্চা চলিছে । অৱশ্যে শিৱসেনা দলটোক এনেদৰে ভাগ ভাগ হ'বলৈ দিব বিচৰা নাই একাংশ শিৱসেনাৰ সমৰ্থক আৰু শুভাকাংক্ষীয়ে । দলৰ নেতাসকলে শিৱসেনা দল আৰু চৰকাৰক ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা চলাইছে । সম্প্ৰতি দলৰ এই পৰিস্থিতিক লৈ কিছু পৰিমাণে চিন্তিত হৈছে দলৰ সভাপতি তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ।

স্বামীৰ চৰকাৰ তথা দলৰ এনে সংকট দেখি হাত সাৱটি বহি থাকিব পৰা নাই পত্নী ৰশ্মি ঠাকৰে । যাৰ বাবে দলক উদ্ধাৰৰ চেষ্টাত নামিছে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকী (CM Uddhav Thackerays Wife Rashmi in Action)। জানিব পৰা মতে একাংশ বিসম্বাদী বিধায়কৰ পত্নীসকলৰ সৈতে যোগাযোগ স্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰশ্মি ঠাকৰেয়ে । দলত সেই বিধায়কসকলৰ গুৰুত্ব আৰু শিৱসেনাৰ পৰা এতিয়ালৈকে তেওঁলোকে লাভ কৰা সহায়ৰ বিষয়ে বিদ্ৰোহী বিধায়কৰ পত্নীসকলক বুজাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ।

লগতে দলটো বিপদত পৰিলে তেওঁলোকে দলটোৰ সৈতে কেনেদৰে থাকিব লাগে সেই সন্দৰ্ভতো বিধায়কসকলৰ পত্নীৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে । সূত্ৰৰ মতে কিছুমান বিধায়কৰ পত্নীয়ে ৰশ্মি ঠাকৰেৰ আৱেগিক আবেদনৰ প্ৰতি সঁহাৰি জনাইছে । অৱশ্যে একনাথ সিন্দেৰ লগতে বিদ্ৰোহৰ আৰম্ভণি কৰা বিধায়কৰ পত্নীক যোগাযোগ কৰা নাই মুখ্যমন্ত্ৰীৰ পত্নীয়ে । মুঠতে স্বামীৰ দলটোক বচাবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছে উদ্ধৱ ঠাকৰেৰ পত্নী ৰশ্মি ঠাকৰেয়ে (Rashmi Thackeray tries to resolve crisis of Shiv Sena)।

ইফালে দলৰ একাংশ নেতাইও একেই চেষ্টা চলাইছে । কৰ্মীসকলক দলৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিবলৈ আৱেগিক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ৰেলীৰো আয়োজন কৰা হৈছে ৰাজ্যখনত । দলটো যাতে ভাঙি নাযায় তাৰ বাবে বিদ্ৰোহী নেতাসকলক বিভিন্ন ধৰণৰ আহ্বান জনোৱাৰ লগতে সতৰ্কবাণীও প্ৰেৰণ কৰিছে শীৰ্ষ নেতৃত্বই । অৱশ্যে এতিয়ালৈ কোনো বিধায়ককে দলৰ পৰা বহিষ্কাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক :শিৱসেনাৰ বিসম্বাদী বিধায়কক টুইটযোগে কটাক্ষ সঞ্জয় ৰাউটৰ

ABOUT THE AUTHOR

...view details