ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬০ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি - former PM Jawaharlal Nehru

author img

By ANI

Published : May 27, 2024, 11:18 AM IST

Updated : May 27, 2024, 3:35 PM IST

PM Jawaharlal Nehru 60th death anniversary : আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ 60 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ কংগ্ৰেছ নেতাসকলে নতুন দিল্লীৰ শান্তি ভানৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ।

PM Jawaharlal Nehru 60th death anniversary
প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬০ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কংগ্ৰেছ নেতাৰ (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 27 মে’ : আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ 60 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ সোমবাৰে কংগ্ৰেছ নেতাসকলে নতুন দিল্লীৰ শান্তিবনত থকা স্মৃতিসৌধত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সংসদীয় অধ্যক্ষ ছোনিয়া গান্ধীৰ লগতে ৰাজ্যসভাৰ সাংসদ অজয় মাকনে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এক্স-ৰ এটা পোষ্টত খাৰ্গে নেহৰুক "জুৱেল অফ ইণ্ডিয়া" বুলি অভিহিত কৰে ।

লগতে তেওঁ উল্লেখ কৰে যে, "আধুনিক ভাৰতৰ পিতৃস্বৰূপ পণ্ডিত জৱাহৰলাল নেহৰুৰ অতুলনীয় অৱদান অবিহনে ভাৰতৰ ইতিহাস অসম্পূৰ্ণ ৷ যি ভাৰতক বৈজ্ঞানিক, অৰ্থনৈতিক, ঔদ্যোগিক আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ গৈছিল ৷ গণতন্ত্ৰৰ সমৰ্পিত অভিভাৱক, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু আমাৰ অনুপ্ৰেৰণাৰ উৎস । মৃত্যু বাৰ্ষিকীত "ভাৰতৰ জুৱেল" লৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো" ৷

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "দেশৰ প্ৰতিৰক্ষা, দেশৰ প্ৰগতি, দেশৰ ঐক্য আমাৰ ৰাষ্ট্ৰীয় কৰ্তব্য । আমি বিভিন্ন ধৰ্ম অনুসৰণ কৰিব পাৰোঁ, বিভিন্ন ৰাজ্যত বাস কৰিব পাৰো আৰু বিভিন্ন ভাষা ক'ব পাৰো ৷ কিন্তু ই আমাৰ মাজত বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব নালাগে ৷ সকলো মানুহে প্ৰগতিৰ বাবে সমান সুযোগ পোৱা উচিত । আমি নিবিচাৰো যে আমাৰ দেশৰ কিছু লোক অতি ধনী হওক আৰু কিছু লোক অতিকৈ দৰিদ্ৰ" ৷

ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা স্বাধীনতা সংগ্ৰামী জৱাহৰলাল নেহৰুৱে 1947 চনত স্বাধীনতাৰ পিচত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হয় । নেহৰুৱে 16 বছৰতকৈও অধিক সময় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল ৷ 1964 চনৰ 27 মে'ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ পিচত, লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে । শিশুৰ প্ৰতি থকা নেহৰুৰ মৰমৰ বাবে তেওঁক 'চাচা নেহৰু' বুলিও কোৱা হৈছিল ৷ 14 নৱেম্বৰত তেওঁৰ জন্ম জয়ন্তীৰ দিনটো ভাৰতত প্ৰতি বছৰে শিশু দিৱস হিচাপেও পালন কৰা হয় ।

লগতে পঢ়ক: ৮৪ বছৰ বয়সত অষ্টম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ল এগৰাকী চিকিৎসক - Dr Prakash Indian Tata

Last Updated : May 27, 2024, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.