ETV Bharat / bharat

৮৪ বছৰ বয়সত অষ্টম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ল এগৰাকী চিকিৎসক - Dr Prakash Indian Tata

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:33 PM IST

AYURVEDIC DR DR PRAKASH INDIAN TATA: ডাক্তৰ হ’বলৈ হ’লে প্ৰৱেশ পৰীক্ষাত ভাল ৰেংক নিশ্চিত কৰিব লাগিব, আৰু এমবিবিএছ আৰু পিজিৰ বাবে আৰু দুবছৰ সম্পূৰ্ণ কৰিবলৈ পাঁচ বছৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব । কিন্তু, মধ্যপ্ৰদেশৰ এজন ব্যক্তি, যিয়ে কেতিয়াও স্কুলত ভৰি দিয়া নাছিল, কিন্তু আজি তেওঁ এজন প্ৰখ্যাত আয়ুৰ্বেদ চিকিৎসক । মেগাষ্টাৰ অমিতাভ বচ্চন আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰ সনথ জয়সূৰ্যক চিকিৎসা প্ৰদান কৰা বুলি দাবী কৰা ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ বিষয়ে জানেনে আপুনি ?

Dr Prakash Indian Tata
AYURVEDIC DR DR PRAKASH INDIAN TATA (ETV Bharat)

নিউজ ডেস্ক, ২৬ মে’: স্কুলীয়া বয়সত তেওঁ কেতিয়াও স্কুলত ভৰি দিয়া নাছিল যদিও বহু দেশত আয়ুৰ্বেদিক চিকিৎসা প্ৰদানৰ অভিজ্ঞতা থকা বুলি দাবী কৰে । মেগাষ্টাৰ অমিতাভ বচ্চনৰ দৰে বহু তাৰকা, ৰাজনীতিবিদ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰ সনাথ জয়সূৰ্যকে ধৰি বহু প্ৰখ্যাত ব্যক্তিক সফলতাৰে চিকিৎসা কৰা বুলি দাবী কৰা ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব ৷

৫ বছৰ বয়সৰ পৰাই তেওঁ আয়ুৰ্বেদ শিকিছিল

ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাই কয় যে তেওঁ কেতিয়াও পঢ়া-শুনাৰ বাবে স্কুলত ভৰি দিয়া নাছিল ৷ কিন্তু ৫ বছৰ বয়সৰ পৰাই তেওঁ অমৰকান্তত থকা নিজৰ গুৰুৰ আশ্ৰমলৈ গৈছিল ৷ ২০ বছৰ ধৰি বনৌষধিৰে চিকিৎসা কৰিবলৈ শিকিছিল আৰু আয়ুৰ্বেদ বুজি পাইছিল । ইয়াৰ পিচত, তেওঁ চিন্দৱাৰাৰ কোয়ালাঞ্চলত চাৰিটা স্থানত তেওঁৰ ক্লিনিক খুলিছিল আৰু পাতালকোটৰ বনৌষধিৰে চিকিৎসা আৰম্ভ কৰিছিল ।

চিকিৎসকগৰাকীয়ে কয় যে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক চিকিৎসা কৰি আহিছে । জুলাই মাহত তেওঁ আমেৰিকালৈ গৈ তাত কিছু মানুহক আয়ুৰ্বেদিক ঔষধ যোগান ধৰিব । ভাৰতত তেওঁ পাতালকোটৰ বনৌষধিৰ দ্বাৰা অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি ছবি জগতৰ বহু বিখ্য়াত ব্যক্তিৰ চিকিৎসা কৰিছে ৷

লগতে পঢ়ক: আদালতে পতঞ্জলিৰ বিষয়াক কিয় বিহিলে কাৰাদণ্ড ? - Patanjali Soan Papdi

বিশ্বৰ বহু দেশৰ ৰাজনীতিবিদ আৰু উদ্যোগপতি তেওঁৰ অনুগামী । কেৱল এয়াই নহয়, ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ দাবী যে শ্ৰীলংকাৰ ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ ভৰিৰ সমস্যা সমগ্ৰ বিশ্বৰ বহু চিকিৎসকে সমাধান কৰাত ব্যৰ্থ হৈছিল । ইয়াৰ পিচতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰউদ্দিনে সনথ জয়সূৰ্যক ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ বিষয়ে অৱগত কৰে আৰু তাৰ পিচত ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাই শ্ৰীলংকালৈ গৈ সনথ জয়সূৰ্যৰ চিকিৎসা কৰে আৰু তেওঁ আৰোগ্য লাভ কৰে ।

৮৪ বছৰ বয়সত অষ্টম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হয় ডাঃ টাটা

ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাই কয় যে তেওঁ শিক্ষিত নহয় । বিদেশলৈ যোৱাৰ সময়ত মানুহে তেওঁক ঠাট্টা কৰিছিল, গতিকে তেওঁ ভাবিছিল যে শিক্ষাগ্ৰহণত বয়স বাধা হ’ব নোৱাৰে । সেয়েহে তেওঁ প্ৰথমে মধ্যপ্ৰদেশ মুক্ত ব’ৰ্ডৰ পৰা পঞ্চম মান শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু এতিয়া তেওঁ অষ্টম মান পৰীক্ষাত অৱতীৰ্ণ হৈছে । ইয়াৰ পিছত তেওঁ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ।

প্ৰকাশ ইণ্ডিয়ান টাটাই কয় যে পৌৰসভাৰ মতে তেওঁৰ জন্ম ১৯৪০ চনত হৈছিল যদিও নথি-পত্ৰত তেওঁৰ জন্ম চন ১৯৫৫ বুলি দেখুওৱা হৈছে । তেওঁ দাবী কৰে যে এতিয়া তেওঁৰ বয়স ৮৪ বছৰ হোৱাটো আয়ুৰ্বেদৰ এক অলৌকিকতা, কিন্তু তেওঁক চাই ক’ব নোৱাৰি যে তেওঁ আশীৰোৰ্ধৰ এজন ব্যক্তি ।

লগতে পঢ়ক: দুই মৃত আত্মাৰ বিবাহৰ এক অদ্ভূত পৰম্পৰা; ভাৰততে আছে ভূতৰ বিবাহ অনুষ্ঠিত কৰাৰ এই নিয়ম - Pretha Maduve

ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাই কয়, "তেওঁৰ প্ৰকৃত নাম প্ৰকাশ বিশ্বকৰ্মা । কিন্তু, যেতিয়া তেওঁ অমৰকান্তত থকা তেওঁৰ গুৰু অমৃত প্ৰসাদ তিৱাৰীৰ আশ্ৰমত বাস কৰিছিল, এই সময়ছোৱাত গুৰুজনে তেওঁক ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটা বুলি মাতিছিল । তেতিয়াৰ পৰাই তেওঁ ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটা হিচাপে পৰিচিত হৈ পৰে ।"

পাতালকোটৰ বনৌষধিৰে চিকিৎসা কৰাৰ বাবে তেওঁৰ জনপ্ৰিয়তা অহৰহ বৃদ্ধি পায় । সেইবাবেই জুলাই মাহত আমেৰিকা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.