অসম

assam

দলৰ জ্যেষ্ঠ কৰ্মকৰ্তা হিচাপে ডিব্ৰুগড় সমষ্টিৰ মই প্ৰাৰ্থিত্ব বিচাৰিম : ৰামেশ্বৰ তেলী

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 12:14 PM IST

সমাগত ’২৪ ৰ লোকসভাৰ নিৰ্বাচন

তিনিচুকীয়া, ২৯ ফেব্ৰুৱাৰী : সমাগত ’২৪ ৰ লোকসভাৰ নিৰ্বাচন ৷ ইতিমধ্যে শাসকীয় দলটোৰ সমান্তৰালভাৱে সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷ এনে সময়তে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত থকা ৰামেশ্বৰ তেলীৰ দলীয় টিকত নাকচ কৰি আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিকত লাভ কৰিব বুলি আৰম্ভ হৈছে চৰ্চা ৷

এই সন্দৰ্ভত বুধবাৰে তিনিচুকীয়া জিলাৰ টিংৰাইত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশ লৈ ৰামেশ্বৰ তেলীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷ তেলীয়ে কয়, ‘‘ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ পৰা যাকে টিকট নিদিয়ক কিয় তেওঁ জয়যুক্ত হ’বই ৷ ময়ো দলৰ জ্যেষ্ঠ কৰ্মকৰ্তা হিচাপে প্ৰাৰ্থিত্ব বিচাৰিম ৷ ১৯৯৮ চনত দলত যোগদান কৰি পাঁচবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো ৷ চাৰিবাৰ জয়যুক্তও হৈছো ৷ বহুত উন্নয়ন হৈছে এই সমষ্টিত’’ ৷

ইফালে, আদিবাসী ছাত্ৰ সন্থাই বাগিচাই বাগিচাই ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সন্দৰ্ভত তেওঁ কয় নিৰ্বাচন আহিলে এনে বহু কথা আহে ৷ এইবোৰ অহাটো স্বাভাৱিক বুলিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিলে চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details