অসম

assam

ৰাজহুৱা শ্মশানৰ বাবে বিতৰ্ক; ভূমি বিভাগৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে ক্ষোভ - Bengtal cemetery ground in chirang

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 7:06 AM IST

Bengtal cemetery ground : ৰাজহুৱা শ্মশান ৰক্ষাৰ দাবীত ওলাই আহিল গাঁওবাসী ৷ বেংতলত অৱস্থিত শ্মশানৰ বাবে ওলাই আহিছে সংশ্লিষ্ট গাঁওবাসী । বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে ক্ষোভ গাঁওবাসীৰ ৷

villagers demanded the protection of the Bengtal cemetery ground located in chirang
ৰাজহুৱা শ্মশানৰ বাবে বিতৰ্ক; ভূমি বিভাগৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে ক্ষোভ

ৰাজহুৱা শ্মশানৰ বাবে বিতৰ্ক; ভূমি বিভাগৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে ক্ষোভ

চিৰাং, 31 মাৰ্চ: শনিবাৰে ৰাজহুৱা শ্মশানৰ বাবে ওলাই আহিল 4/5 খন গাঁৱৰ লোক ৷ শনিবাৰে চিৰাং জিলাৰ বেংতলত অৱস্থিত শ্মশানৰ বাবে ওলাই আহিল গাঁওবাসী । জানিব পৰা মতে, বেংতলৰ ভিজিআৰ ভূমিত 1930 চনতে স্থাপন হৈছিল বেংতল হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে ৰাজহুৱা শ্মশান । জংগলেৰে আৱৰি থকা অঞ্চলটোত বেংতল চিকিৎসালয়, ৰাজহ চক্ৰ কাৰ্যালয়, হায়াৰ ছেকেণ্ডাৰী স্কুল আদি হোৱাৰ পিচত ৰাজহুৱা শ্মশানৰ বাবে মাথোঁ 6 বিঘা ভূমিহে আছে ।

1930 চনৰ পূৰ্বে স্থাপন কৰা বেংতল ৰাজহুৱা শ্মশানৰ বাবে ভূমি আৱন্টন বিচাৰি বিটিআৰ প্ৰশাসনলৈ আবেদন জনাইছিল শ্মশান পৰিচালনা সমিতিয়ে । কিন্তু শেহতীয়াকৈ বিটিআৰৰ বন আৰু ভূমি বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী (ফেৰেংগা)ই শ্মশানৰ নামত ভূমি আৱন্টন দিয়া নহ’ব বুলি ৰাজহ চক্ৰ বিষয়া আৰু লাট মণ্ডলৰ জৰিয়তে জনোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে স্থানীয় লোকে ।

উক্ত সংবাদ লাভৰ পিচতে বেংতল অঞ্চলৰ 5 খন গাঁৱৰ লোকে শনিবাৰে হাতে হাতে দা, কুঠাৰ, বাঁহ আদি লৈ শ্মশানলৈ ওলাই আহে আৰু শ্মশান বিচাৰি শ্ল’গান দিয়া পৰিলক্ষিত হয় । গাঁওকেইখনৰ লোকসকলে দাবী কৰি কয়, "যুগ যুগৰ পৰা চলি থকা এই শ্মশান আমাক লাগিবই । বেংতল অঞ্চলৰ এই 5 খন হিন্দু গাঁৱৰ লোকৰ মৃত্যু হ’লে সৎকাৰ কৰাৰ ঠাই নাই । গতিকে গাঁৱকেইখনৰ মৃত লোকৰ সৎকাৰৰ বাবে এই শ্মশান আমি কোনোপধ্যেই এৰি নিদিওঁ । 1930 চনৰ পূৰ্বতে আমাৰ পূৰ্বপুৰুষসকলে এই শ্মশান স্থাপন কৰিছিল ।"

বিটিআৰ চৰকাৰৰ ভূমি বিভাগৰ ওচৰত শ্মশানৰ নামত ভূমি আৱন্টন বিচাৰি আবেদন কৰাৰ পিচত আৰু স্থানীয় লোক হোৱাৰ পিচতো বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কিয় শ্মশানৰ নামত ভূমি আৱন্টনত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে সেয়া তেওঁলোকে বুজিব পৰা নাই বুলিও কয়।

লগতে পঢ়ক:পৱিত্ৰ আত্মাৰ জনসাধাৰণ বিজেপি দলৰ লগত আছে : ৰণজিৎ কুমাৰ দাস - Lok Sabha election 2024

ABOUT THE AUTHOR

...view details