অসম

assam

মাকে নোকোৱাহ'লে দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিলেহেঁতেন নেকি ? মাৰ্ঘেৰিটাৰ প্ৰশ্ন

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:40 PM IST

Updated : Feb 21, 2024, 9:33 PM IST

Lok Sabha election 2024: ৰাজ্যত গৰম নিৰ্বাচনী বতাহ ৷ কংগ্ৰেছ দলৰ খাম খেয়ালিৰ পিচতে এতিয়া শাসকীয় দলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ ৷ কংগ্ৰেছক মিঞাৰ তোষামোদকাৰী আখ্যা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

Lok Sabha election 2024
দেৱব্ৰত শইকীয়াক মাকে নোকোৱাহেতেন বিজেপিলৈ আহিলেহেতেন নেকি?-পবিত্ৰ মাৰ্ঘেৰিটা

দেৱব্ৰত শইকীয়াক মাকে নোকোৱাহেতেন বিজেপিলৈ আহিলেহেতেন নেকি?-পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: "ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াও যে বিজেপি লৈ নাহিব তাৰ কোনো মানে নাই। দেৱব্ৰত শইকীয়াক মাকে কোৱাৰ কাৰণেহে আজিও কংগ্রেছ দলত আছে। কিন্তু মাকে নোকোৱাহেতেন বিজেপিলৈ আহিলেহেতেন নেকি ?" বুধবাৰে বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

লগতে পবিত্র মাৰ্ঘেৰিটাই কয় যে সৰ্বভাৰতীয় পর্যায়ত I.N.D.I এলায়েন্স কি পর্যায় পাইছেগৈ সেয়া সমগ্র দেশবাসীয়ে প্রত্যক্ষ কৰিছে । অসমতো এন জি অ'ৰ পৰা আৰম্ভ কৰি কোনো নাম-গোন্ধ নথকা দলক লৈ তেওঁলোকে এলায়েন্স কৰিছিল। ইয়াত কোনো নতুনত্ব নাই ।

আনহাতে বিজেপি দললৈ কংগ্রেছ তথা অন্য বিৰোধী দলৰ লগতে ভিন্নক্ষেত্ৰৰ নাগৰিকসকলৰ আগমন সম্পর্কত সোধা এক প্রশ্নৰ উত্তৰত মাৰ্ঘেৰিটাই কয় যে, দলৰ নীতি-আদর্শ-দর্শনক সৰোগত কৰি সমর্পিতভাৱে বিজেপিৰ মঞ্চৰ পৰা স্বদেশৰ বাবে কাম কৰিবলৈ সংকল্প লোৱা প্রতিজন ব্যক্তিৰ বাবেই বিজেপিৰ দুৱাৰ খোলা । কংগ্ৰেছৰ বহু লোকে বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰাটো সঁচা। কংগ্রেছৰ সভাপতি ভূপেন বৰায়ো বিজেপিত যোগদানৰ বাবে আবেদন কৰিবলৈ বেছি দিন নাই । অৱশ্যে তেতিয়া তেওঁ গান্ধী-ৱাড্রা পৰিয়ালৰ পৰিৱৰ্তে অসমী আই তথা ভাৰত মাতৃক বন্দনা কৰিব লাগিব। দেবব্ৰত শইকীয়াক মাকে কোৱাৰ কাৰণেহে আজিও কংগ্রেছ দলত আছে । কিন্তু মাকে নোকোৱাহেতেন তাৰমানে বিজেপি লৈ আহিলেহেতেন নেকি বুলিও সংবাদমেলত প্ৰশ্ন কৰে সাংসদগৰাকীয়ে।

আনহাতে তোষামোদৰ ৰাজনীতিত ব্যস্ত কংগ্রেছত অৱশেষত মিঞা লোকহে থাকিবগৈ বুলি সদৰী কৰি মাৰ্ঘেৰিটাই কয়, আগন্তুক সময়ত অসমত মূলতঃ কংগ্রেছ-এ আই ইউ ডি এফৰ নেতৃত্বত মিঞাসকল আৰু বিজেপি মিত্ৰজোঁটৰ নেতৃত্বত খিলঞ্জীয়া লোকৰ ৰাজনৈতিক-সামাজিক প্রতিদ্বন্দিতা হ'ব ৷

লগতে পঢ়ক:বসন্ত দাসৰ গেৰুৱা প্ৰেম: দৰং কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

Last Updated :Feb 21, 2024, 9:33 PM IST

ABOUT THE AUTHOR

...view details