অসম

assam

পদবীৰে নহয়, মানুহ ডাঙৰ হয় নিজৰ সৎ কৰ্মেৰে; প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ব্যক্তিয়ে - Communal harmony

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 2:13 PM IST

Updated : Apr 10, 2024, 2:33 PM IST

Communal harmony: মানৱতা, সম্প্ৰীতিৰ অনন্য নিদৰ্শন দাঙি ধৰি চৰ্চাত এগৰাকী জিলা আয়ুক্ত । ইছলাম ধৰ্মাৱলম্বীৰ জানাজা নামাজত অংশগ্ৰহণ কৰি বহল অন্তৰৰ পৰিচয় দিলে ৰাজ্যৰ এগৰাকী জিলা আয়ুক্তই ৷ আনকি কান্ধত কঢ়িয়ালে সাঙিও । পিছে কোন এইগৰাকী জিলা আয়ুক্ত ?

Noble gesture by morigaon DC Devashish Sharma WINS HEARTS
পুনৰ চৰ্চাত মৰিগাঁও জিলা আয়ুক্ত; কিন্তু কিয় ?

পুনৰ চৰ্চাত মৰিগাঁও জিলা আয়ুক্ত; কিন্তু কিয় ?

নগাঁও, 10 এপ্ৰিল:উচ্চ পদস্থ বিষয়াৰ দায়িত্বত থাকিও মানৱতা আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে এগৰাকী জিলা আয়ুক্তই ৷ মানৱতা, সম্প্ৰীতিৰ অনন্য নিদৰ্শন দাঙি ধৰা জিলা আয়ুক্তগৰাকী হ’ল মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ৷ নিজৰ এক বেচৰকাৰী সংস্থাৰ জৰিয়তে মুম্বাইত চিকিৎসাৰ বাবে যোৱা কেঞ্চাৰ ৰোগীক বিভিন্ন প্ৰকাৰে সেৱা আগবঢ়োৱা দেৱাশীষ শৰ্মাই প্ৰায়েই চৰকাৰী কাম-কাজৰ উপৰিও ব্যক্তিগতভাৱে দুখীয়া-দৰিদ্ৰ ৰাইজলৈ সেৱা আগবঢ়াই বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে ৷ পুনৰ মানৱতাৰ লগতে সম্প্ৰীতিৰো এক অনন্য নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ এইগৰাকী জিলা আয়ুক্তই ।

ঘটনাৰ বিৱৰণ অনুসৰি, মৰিগাঁৱৰ মৈৰাবাৰীৰ 16 বছৰীয়া এগৰাকী ছাত্ৰ দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্রান্ত হোৱাৰ খবৰ কিছুদিন পূৰ্বে লাভ কৰিছিল জিলা আয়ুক্তগৰাকীয়ে । মৈৰাবাৰী অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ আবু হানিফ নামৰ ছাত্ৰগৰাকীৰ কেঞ্চাৰ ৰোগত আক্রান্ত হোৱাৰ খবৰ লাভ কৰিয়েই পৰিয়ালটোক ব্যক্তিগতভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । ছাত্ৰগৰাকীৰ চিকিৎসাৰ সম্পূৰ্ণ খৰছো বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল জিলা আয়ুক্তগৰাকীয়ে ।

16 বছৰীয়া ছাত্ৰগৰাকীৰ চিকিৎসা চলি থকাৰ মাজতে সোমবাৰে বিয়লি ইহলীলা সম্বৰণ কৰে 16 বছৰীয়া আবু হানিফে । এই খবৰ লাভ কৰাৰ পিছতেই শোকত ম্ৰিয়মান হৈ পৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । সোমবাৰে বিয়লিয়েই নিৰ্বাচনী ব্যস্ততাৰ মাজতো আবু হানিফৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । কেৱল সমবেদনা জ্ঞাপন কৰাই নহয় জানাজা নামাজৰ সময়ত ছাত্ৰগৰাকীৰ মৃতদেহ কঢ়িয়াই নিয়া সাঙি নিজ কান্ধত কঢ়িয়াই নিয়াৰ উপৰিও ইছলাম ধৰ্মৰ নিয়ম অনুযায়ী সম্পন্ন কৰা জানাজা নামাজতো অংশগ্ৰহণ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

মানৱতা, সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰা এই বিষয়টোৱে সম্প্ৰতি ৰাজ্যজুৰি লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক:Hindu Muslim harmony in Nalbari: হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে নলবাৰীয়ে

Last Updated :Apr 10, 2024, 2:33 PM IST

ABOUT THE AUTHOR

...view details