ETV Bharat / state

Hindu Muslim harmony in Nalbari: হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে নলবাৰীয়ে

author img

By

Published : Jan 24, 2023, 6:42 PM IST

নলবাৰীৰ মুকালমুৱাৰ কালদিত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বিৰল নিদৰ্শন । সদৌ অসম দেৱদামোদৰ সংঘৰ অধিৱেশনৰ প্ৰস্ততিত স্বেচ্ছাই শ্ৰমদান কৰিলে মুছলমান লোকে । অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশন (Preparation for All Assam Devdamodar Adhibekhon in Nalbari) ।

Preparation for All Assam Devdamodar Adhibekhon in Nalbari
মুকালমুৱাৰ কালদিত হিন্দু-মুছলমানৰ সম্প্ৰিতিৰ বিৰল নিদৰ্শন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে নলবাৰীয়ে

নলবাৰী,২৪ জানুৱাৰী: যিসময়ত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰিছে, ধৰ্মৰ নামত কটা-মৰা কৰিছে, সাতামপুৰুষীয়া একতাৰ এনাজৰীৰৰ ছিঙো ছিঙো অৱস্থা হৈছে তেনে সময়তো সম্প্ৰীতিৰ উজ্জল নিদৰ্শন দাঙি ধৰিছে বহুজনে(Example of Hindu Muslim harmony) । "শংকৰ-আজানৰ দেশ" এই বাণীক সাৰ্থক কৰাৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে একাংশই(Communal harmony in Assam) ।

নলবাৰীতো জীয়াই আছে ভাতৃত্ববোধ, জীয়াই আছে হিন্দু-মুছলমানৰ একতা । তাৰেই প্ৰমাণ পূণৰ দাঙি ধৰিলে নলবাৰীৰ শ্ৰীশ্ৰী দেৱদামোদৰ সত্ৰত । নলবাৰীৰ মুকালমুৱাৰ কালদিস্থিত শ্ৰীশ্ৰী দেৱদামোদৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম দেৱদামোদৰ সংঘৰ অধিৱেশন । অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখন । অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ পূৰ্ণ উৎসাহ, উদ্দীপনাৰে প্ৰস্তুতি চলাইছে অঞ্চলবাসীয়ে(Preparation for All Assam Devdamodar Adhibekhon in Nalbari) ।

অঞ্চলটোৰ জাতি ধৰ্ম,বৰ্ণ নিৰ্বিশেষে প্ৰায় দুই শতাধিক লোকে একলগ হৈ অধিৱেশনস্থলীত স্বেচ্ছাই শ্ৰমদান কৰে । বিশেষকৈ বনপুৰা, কাপলাবড়ী, লচিমা, বামুনবড়ী, মুকালমুৱা আদি কেবাখনো গাৱঁৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে স্বেচ্ছাই শ্ৰমদান কৰি সম্প্ৰীতিৰ বিৰল নিদৰ্শন দাঙি ধৰে । কোনোৱে যদি বাঁহ কাতিছে, আন কোনোৱে আকৌ বেৰা বনাইছে । তাৰ মাজতে আন কোনোজনে যোগান ধৰিছে খাদ্য সামগ্ৰী(Hindu Muslim harmony in Nalbari) ।

মুঠতে এই কামৰ মাজত কোনো জাতিগত ভেদাভেদ দেখিবলৈ পোৱা নাই বৰ্তমানলৈ । সকলোৱে অধিৱেশনখন সাৰ্থক কৰি তুলিবলৈ চেষ্টা চলাইছে । সোশৰীৰে উপস্থিত থাকি সমস্ত কাম-কাজৰ তদাৰক কৰিছে বৰক্ষেত্ৰী দেৱদামোদৰ সংঘৰ সভাপতি তথা গুৱাহাটী মহানগৰ প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই । জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াইছে বুলি মত প্ৰকাশ কৰে বৰক্ষেত্ৰী দেৱদামোদৰ সংঘৰ সভাপতি তথা গুৱাহাটী মহানগৰ প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই ।

অধিৱেশনৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰি সকলোকে উৎসাহিত কৰে নাৰায়ণ ডেকাই । যিসকল লোকে এই অধিৱেশনস্থলী সজাই তোলাৰ ক্ষেত্ৰত কষ্ট কৰি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই । এয়া অসমৰ বিৰল সম্প্ৰীতিৰ নিদৰ্শন বুলিও উল্লেখ কৰে ডেকাই । উল্লেখযোগ্য যে অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনাই উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক ।

লগতে পঢ়ক: Rhino attack in Lakhimpur: লখিমপুৰত গঁড়ৰ আক্রমণত আহত মফিদুল ইছলামৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.