Rhino attack in Lakhimpur: লখিমপুৰত গঁড়ৰ আক্রমণত আহত মফিদুল ইছলামৰ মৃত্যু

author img

By

Published : Jan 24, 2023, 2:53 PM IST

Mofidul ahmed injured in rhino attack in Lakhimpur dies

লখিমপুৰত গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে । চলিত মাহৰ ১৪ তাৰিখে লখিমপুৰত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মফিদুল ইছলামৰ মৃত্যু(Mofidul ahmed injured in rhino attack in Lakhimpur dies) । ১৪ জানুৱাৰীত গঁড়টোৱে আক্ৰমণ চলাই আহত কৰিছিল তিনিজনকৈ ব্যক্তিক ।

গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ব্যক্তিৰ মৃত্যু

লখিমপুৰ,২৪ জানুৱাৰী: দুদিনীয়া অভিযানৰ পাতনি মেলি চৰকাৰে লখিমপুৰৰ পাভ বনাঞ্চলত চলালে উচ্ছেদ অভিযান । পৰৱৰ্তী সময়ত বনাঞ্চলখনৰ পৰা উচ্ছেদ কৰা লোক সকলে অস্থায়ী শিবিৰ বনাই পৰিয়ালক লৈ কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল । পিছে দুৰ্ভাগ্যই লগ নেৰিলে তেওঁলোকক ।

হঠাৎ ৰহস্যজনকভাৱে তাত ওলোৱা এটা গঁড়ে আক্ৰমণ কৰি তিনিজন ব্যক্তিক আঘাতপ্ৰাপ্ত কৰিছিল(3 people injured in rhino attack) । গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা মফিদুল ইছলামক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে তেওঁৰ চিকিৎসালয়তে মৃত্যু হয় । ব্যক্তিগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাৰ্বজনীন মানৱ অধিকাৰ সংস্থাই । সাৰ্বজনীন মানৱ অধিকাৰ সংস্থাৰ সভাপতি আব্দুৰ ৰাজীবে মৃত ব্যক্তিগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি চৰকাৰৰ ওচৰত ২০ লাখ টকা ক্ষতি পূৰণৰ দাবী উত্থাপন কৰিছে ।

উল্লেখ্য যে দিনকদিনে লখিমপুৰত বৃদ্ধি পাইছে গঁড়ৰ সন্ত্ৰাস । বিশেষকৈ পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাৰ পাছত উচ্ছেদিত ৰাইজৰ বাবে বন্য জীৱ-জন্তু হৈ পৰিছে আতংকৰ অন্য এক নাম । চলিত মাহৰ ১৪ তাৰিখে পুৱাতেই কেইদিনমান পূৰ্বে উচ্ছেদ অভিযান চলা পাভ সংৰক্ষিত বনাঞ্চলৰ দাঁতিত দেখা দিছিল গঁড়ৰ আতংকই । এটা গঁড়ে মুক্ত বিচৰণ কৰিছিল উক্ত অঞ্চলটোত ।

গঁড়টোৰ আক্ৰমণত আহত হৈছিল তিনিজনকৈ ব্য়ক্তি । ইয়াৰে ভিতৰত গুৰুতৰভাৱে আহত হয় এজন (Rhino attack in Lakhimpur) ৷ ১৪ জানুৱাৰীৰ পুৱাই গঁড়টোৰ আক্ৰমণত মফিদুল ইছলাম নামৰ লোকজন গুৰুতৰভাৱে আহত হয় । উল্লেখ্য যে বনাঞ্চলখনৰ উচ্ছেদ হোৱা এলেকাৰ সমীপৰ এলেকাত এটা পূৰ্ণবয়স্ক গঁড় বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল ৰাইজে (Rhino roaming in Lakhimpur) । গঁড়টো দেখা পাই ৰাইজে চিঞৰ বাখৰ কৰাৰ লগে লগে গঁড়টোৱে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল ।

উন্মত্তপ্ৰায় হৈ পৰা গঁড়টোৱে খেতি পথাৰত ব্যস্ত মফিদুল ইছলামক আক্ৰমণত কৰি গুৰুতৰভাৱে আহত কৰে (One injured in rhino attack in Lakhimpur) । লগে লগে গুৰুতৰভাৱে আহত মফিদুলক ভৰ্তি কৰোৱা হয় ওচৰৰ চিকিৎসালয়ত । কিন্তু মফিদুলৰ অৱস্থা অতি সংকটজনক হোৱা বাবে প্ৰেৰণ কৰা হৈছিল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ । প্ৰায় এটা সপ্তাহে জীৱন-মৃত্যুৰে যুঁজি সোমবাৰে মৃত্যু হয় মফিদুলৰ ।

লগতে পঢ়ক: Childrens park open in Jonai: শিশুৰ আত্ম প্ৰকাশৰ উদ্দেশ্যে জোনাইৰ জীয়ৰীৰ প্ৰচেষ্টাত মুকলি শিশু উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.