নগাঁও, 23 এপ্ৰিল :চাকমা আৰু হাজংসকলক অসমত সংস্থাপিত কৰা হ’ব বুলি শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে কৰা মন্তব্য সন্দৰ্ভত সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ নগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি বিধায়ক অখিল গগৈ আক্ৰমণাত্মক হৈ পৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷
সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ তিনিটা প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷ অৰুণাচলৰ শৰণাৰ্থীক অসমত সংস্থাপন প্ৰদান কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে ৷ অৰুণাচল প্ৰদেশৰ পাঁচ লাখ হাজং আৰু চাকমা শৰণাৰ্থীক সংস্থাপন দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কিৰেণ ৰিজিজুৰ আলোচনা হোৱা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায় বিধায়ক অখিল গগৈয়ে ।
সমান্তৰালভাৱে কিৰেণ ৰিজিজুয়ে কোৱা কথা যদি মিছা, তেন্তে কিৰেণ ৰিজিজুক ক্ষমা খুজিবলৈ বাধ্য কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে । ইয়াৰ লগতে পাঁচ লাখ শৰণাৰ্থীক সংস্থাপন দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিয়া সন্দৰ্ভতো স্থিতি স্পষ্ট কৰিবৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।