ETV Bharat / bharat

চাকমা আৰু হাজংসকলক অসমত সংস্থাপনৰ ঘোষণা ৰিজিজুৰ - Chakma Hajong issue

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 2:08 PM IST

Updated : Apr 23, 2024, 2:17 PM IST

Chakma Hajong issue
চাকমা আৰু হাজংসকলক অসমত সংস্থাপনৰ ঘোষণা ৰিজিজুৰ

Chakma Hajong Refugees: চাকমা আৰু হাজংসকলৰ নাগৰিকত্বক লৈ বহু বছৰ ধৰি বিতৰ্ক অব্যাহত আছে । অৰুণাচলত থকা এই শৰণাৰ্থীসকলক নিৰ্বাচনৰ পিচতে অসমত সংস্থাপিত কৰা হ'ব । কিৰেণ ৰিজিজুৰ মতে তেওঁলোক ৰাজ্যখনৰ অস্থায়ী বাসিন্দা । এই কথাই সৃষ্টি কৰিছে আন এক বিতৰ্কৰ ৷

তেজপুৰ, ২৩ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শেহতীয়া ঘোষণা অনুসৰি অৰুণাচল প্ৰদেশত থকা বহু বিতৰ্কিত চাকমা আৰু হাজংসকলক নিৰ্বাচনৰ পিচত অসমত সংস্থাপিত কৰা হ'ব । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই বিষয়ে আলোচনাতো মিলিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । সোমবাৰে ইটানগৰত সংবাদমেল সম্বোধন কৰি ৰিজিজুয়ে এই মন্তব্য কৰে ।

সংবাদমেল তেওঁ উল্লেখ কৰা মতে চাকমা আৰু হাজংসকল অৰুণাচল প্ৰদেশৰ অস্থায়ী বাসিন্দাহে তেওঁলোকৰ অৰুণাচল প্ৰদেশত কোনো স্থান নাই ।নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিচত সেই আইন অনুসৰি ভাৰতত থকা বা ধৰ্মীয় উৎপীড়নৰ ফলত ৩ খন ৰাষ্ট্ৰৰ পৰা বিতাৰিত হোৱা লোকসকলক ভাৰত চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিব ।

সেই অনুসৰি বাহিৰৰ পৰা কোনো লোকক অসমত সংস্থাপন নকৰিলেও অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ লগত আলোচনা কৰি চাকমা-হাজংসকলক অসমত সংস্থাপন কৰাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে স্পষ্ট কৰি দিয়ে । লগে লগে এই বিষয়টোৱে অৰুণাচলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত চাকমা আৰু হাজং শৰণাৰ্থীৰ সংখ্যা বৰ্তমান প্ৰায় ৬৭,০০০ । তেওঁলোকেও অৰুণাচল প্ৰদেশত সংস্থাপনৰ বাবে উচ্চতম ন্যায়ালয়ত যুঁজ চলাই আছে । অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠন অল অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি দোজি তানাই এই সন্দৰ্ভত ইটিভি ভাৰতক কয় যে ছাত্ৰ সংগঠনটোৰ অৰুণাচল প্ৰদেশৰ ভিতৰত এইটোৱেই আটাইতকৈ প্ৰধান ইচ্ছ্যু, চাকমা-হাজং শৰণাৰ্থীসকলক অৰুণাচল প্ৰদেশৰ পৰা আঁতৰাই যি স্থানলৈ লৈ নাযাওঁক কিয় তাত তেওঁলোকৰ কোনো আপত্তি নাই ৷ কিন্তু অৰুণাচল প্ৰদেশৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব লাগে । কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত হেঁচা প্ৰয়োগ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে ।

চাকমা আৰু হাজংসকল কোন ?

চাকমা আৰু হাজং পূৰ্বৰ পূব পাকিস্তানৰ চিটাগং পাহাৰীয়া অঞ্চলৰ বাসিন্দা আছিল । ১৯৬০ চনত কাপ্তাই বান্ধ প্ৰকল্পৰ ফলত তেওঁলোকৰ বসতি স্থান ডুব যোৱাৰ বাবে পলায়ন কৰিবলগীয়া হৈছিল । বৌদ্ধ ধৰ্মাৱলম্বী চাকমা আৰু হিন্দু হাজংসকলেও পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হৈছিল ।

চাকমা আৰু হাজংসকলে অসমৰ তেতিয়াৰ লুছাই পাহাৰ জিলা (বৰ্তমান মিজোৰাম)ৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল । চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ ভিতৰত চাকমাসকল সৰ্ববৃহৎ জনগোষ্ঠী আৰু এই অঞ্চলৰ জনসংখ্যাৰ আধা অংশ । উত্তৰ-পূৱ ভাৰতৰ তিব্বত-বাৰ্মা গোট আৰু পূব এছিয়াৰ জনসংখ্যাৰ সৈতে চাকমাসকলৰ মিল থকা দেখা যায় । অসমত চাকমা মানুহৰ অনুসূচিত জনজাতিৰ মৰ্যাদা আছে ।

মেঘালয়ৰ চতুৰ্থ বৃহত্তম জনগোষ্ঠী হাজং। হাজংসকলে প্ৰধানকৈ ধান খেতি কৰি আহিছে আৰু ভাৰত (অসম আৰু মেঘালয়)ত অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰিছে ৷ তথ্য মতে, ১৯৬৪-৬৯ চনত এই শৰণাৰ্থীসকলৰ সংখ্যা প্ৰায় ৫ হাজাৰৰ পৰা ১ লাখলৈ বৃদ্ধি পাইছে । বৰ্তমান তেওঁলোকৰ নাগৰিকত্ব আৰু ভূমিৰ অধিকাৰ নাই, যদিও ৰাজ্য চৰকাৰে মৌলিক সুবিধা প্ৰদান কৰিছে ।

বিতৰ্কৰ বিষয়:

উল্লেখ্য যে চাকমা আৰু হাজঙৰ এই বিষয়টোৱে বহু দশক ধৰি সীমান্ত ৰাজ্যখনত আলোড়নৰ সৃষ্টি কৰি আহিছে । ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰক চাকমা আৰু হাজংসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । কিন্তু ৰাজ্য চৰকাৰে শীৰ্ষ ন্যায়ালয়ৰ ৰায় গ্ৰহণ আৰু কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল ।

২০২২ চনৰ আগষ্ট মাহত, অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন (এএপিএছইউ)ৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে চাংলাং জিলাত বাস কৰা চাকমা আৰু হাজং শৰণাৰ্থীসকলক আৰু আৱাসিক প্ৰমাণ পত্ৰ প্ৰদান নকৰে ।

আৱাসিক প্ৰমাণৰ অভাৱত চাকমা আৰু হাজংসকলক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা নহয় আৰু সেয়েহে, যিকোনো চৰকাৰী চিনাক্তকৰণ নথিৰ বাবে অযোগ্য । চাংলাং জিলাৰ এগৰাকী অতিৰিক্ত সহকাৰী আয়ুক্ত (ইইএচি)ৰ দ্বাৰা জাৰী কৰা আৱাসিক প্ৰমাণ প্ৰমাণপত্ৰসমূহো তেওঁৰ সেৱাৰ পৰা নিলম্বিত কৰা হৈছিল ।

এবছৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনৰ ২৪ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ঘোষণা কৰিছিল যে অসমৰ সৈতে সীমা বিবাদ সমাধান কৰাৰ পিচত তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত বিতাৰিত কৰি চাকমা হাজং সমস্যা সমাধান কৰিব কিয়নো তেওঁলোক শৰণাৰ্থী হোৱাৰ বাবে ৰাজ্যখনত স্থায়ীভাৱে বসতি স্থাপন কৰিব নোৱাৰে ।

লগতে পঢ়ক : অৰুণাচলৰ শৰণাৰ্থীক অসমত সংস্থাপন; তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ - Mla akhil gogoi press meet

Last Updated :Apr 23, 2024, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.