ETV Bharat / state

অৰুণাচলৰ শৰণাৰ্থীক অসমত সংস্থাপন; তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ - Mla akhil gogoi press meet

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 2:13 PM IST

MLA akhil gogoi press meet in nagaon regarding kiren rijiju comments on chakma hajong
অৰুণাচলৰ পাঁচ লাখ শৰণাৰ্থীক অসমত সংস্থাপন: তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ

Kiren Rijiju on Chakma Hajong refugees: অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপন প্ৰদান কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ বিধায়ক অখিল গগৈৰ ৷ নগাঁৱত এক সংবাদমেল সম্বোধন গগৈৰ ৷

অৰুণাচলৰ পাঁচ লাখ শৰণাৰ্থীক অসমত সংস্থাপন: তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ

নগাঁও, 23 এপ্ৰিল : চাকমা আৰু হাজংসকলক অসমত সংস্থাপিত কৰা হ’ব বুলি শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে কৰা মন্তব্য সন্দৰ্ভত সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ নগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি বিধায়ক অখিল গগৈ আক্ৰমণাত্মক হৈ পৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷

সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ তিনিটা প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷ অৰুণাচলৰ শৰণাৰ্থীক অসমত সংস্থাপন প্ৰদান কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে ৷ অৰুণাচল প্ৰদেশৰ পাঁচ লাখ হাজং আৰু চাকমা শৰণাৰ্থীক সংস্থাপন দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কিৰেণ ৰিজিজুৰ আলোচনা হোৱা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায় বিধায়ক অখিল গগৈয়ে ।

সমান্তৰালভাৱে কিৰেণ ৰিজিজুয়ে কোৱা কথা যদি মিছা, তেন্তে কিৰেণ ৰিজিজুক ক্ষমা খুজিবলৈ বাধ্য কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে । ইয়াৰ লগতে পাঁচ লাখ শৰণাৰ্থীক সংস্থাপন দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিয়া সন্দৰ্ভতো স্থিতি স্পষ্ট কৰিবৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰি বিধায়ক অখিল গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেলেংকাৰী ঢাকিবলৈ কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমৰ মানুহ নিৰাপদ নহয় অসমীয়া জাতিৰ ভৱিষ্যত নিৰাপদ নহয় । পাঁচ লাখ শৰণাৰ্থীক অসমত সংস্থাপন দিলে অসমত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব ৷"

উল্লেখ্য যে, হাজং আৰু চাকমাসকল অৰুণাচল প্ৰদেশত আলহী হৈহে আছে আৰু ৰাজ্যখনত নাগৰিকত্বৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (পি আৰ চি) পোৱাৰ অধিকাৰ নাই বুলি ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী আৰু ইটানগৰৰ বিজেপি বিধায়কৰ উপস্থিতিত সোমবাৰে কৈছিল । সমান্তৰালভাৱে ৰাজ্যখনৰ 5 লাখ লোকক অসমত সংস্থাপন প্ৰদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও আলোচনা কৰা বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে ৷ ইয়াৰ পাচতে বিষয়টোৱে অসমত লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক : চাকমা আৰু হাজংসকলক অসমত সংস্থাপনৰ ঘোষণা ৰিজিজুৰ - Chakma Hajong issue

লগতে পঢ়ক : কা সন্দৰ্ভত কেন্দ্ৰ-অসম চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ - Supreme Court on CAA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.