অসম

assam

পুত্ৰ ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস - IPL 2024

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 4:56 PM IST

RR vs MI: প্ৰত্যহ্বানৰ কুঁৱলী ফালি ক্ৰিকেটত উজলিছে অসমৰ ৰিয়ান পৰাগ । যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ পিতৃৰ প্ৰত্যাশা কি ? ৰিয়ানক লৈ দেখা সপোনটো সাৰ্থক হ'ব নে ? ভাৰতীয় মূল দলত অন্তৰ্ভুক্ত হ'বনে ৰিয়ান ? ই টিভি ভাৰতত ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসৰ প্ৰতিক্ৰিয়া ...

IPL 2024
RR vs MI

পুত্ৰ ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস

গুৱাহাটী, ২ মাৰ্চ:“ৰিয়ান এজন কঠোৰ পৰিশ্ৰমী ল'ৰা ৷ সেয়ে তেওঁ পুনৰাৱৰ্তন কৰিবলৈ সক্ষম হৈছে ৷ এই ধাৰাবহিকতা ৰক্ষা কৰি অধিক সফলতা লভিবলৈ তেওঁ সক্ষম হ'ব বুলি আমি আশাবাদী ৷" — সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা ভাৰতীয় প্ৰতিভাশালী ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ পিতৃয়ে আইপিএলত পুত্ৰ ধাৰাবাহিক সফল প্ৰদৰ্শনৰ বিষয়ে আজি ই টিভি ভাৰতৰ সন্মুখত এইদৰে মন্তব্য কৰে ।

অসম সন্তান ৰিয়ান পৰাগে এইবাৰ আইপিএল ছিজন ২০২৪ত দেখুৱাইছে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ বৰ্তমানলৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন । নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীৰ লগতে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে ৷ শেহতীয়াভাৱে ৰিয়ান পৰাগে ২০২৪ আইপিএলৰ তিনিখন খেলত নিজৰ দল ৰাজস্থান ৰয়েলছৰ জয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি উন্নত প্ৰদৰ্শন কৰিছে ৷ মুম্বাইৰ বিৰুদ্ধে অৰ্ধ শতক অৰ্জন কৰা ৰিয়ানে বিৰাট কোহলী অতিক্ৰমী লাভ কৰিছে অৰেঞ্জ কেপ ।

পুত্ৰৰ এই সাফল্যত সুখী আৰু আশাবাদী পিতৃ তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস । পিতৃ পৰাগ দাস অসমৰ এগৰাকী ঘৰুৱা ক্ৰিকেটৰ এক পৰিচিত নাম । ৰঞ্জী ট্ৰফী, দেওধৰ ট্ৰফ, দুলীপ ট্ৰফীৰ এজন নিয়মীয়া খেলুৱৈ আছিল ৰিয়ানৰ পিতৃ । টীম ইণ্ডিয়াৰ হৈ খেলিব বুলি পিতৃৰ আছিল গভীৰ প্ৰত্যাশা । যদিও সেই সপোন আধৰুৱা হৈ ৰৈছিল ৰিয়ানৰ পিতৃ পৰাগ দাসৰ ।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে জয় লাভ কৰা সোমবাৰৰ আইপিএলৰ খেলখনত ৰিয়ান পৰাগে ৰাজস্থানৰ হৈ অদমনীয়ভাৱে খেলি ৩৯ টা বলত ৫৪ ৰান সংগ্ৰহ কৰে ৷ অসম সন্তান ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসে আজি গুৱাহাটীত নিজা বাসভৱনত ইটিভি ভাৰতক কয়, "কালিৰ মেচখনৰ উইকেট যথেষ্ট ডাইচী আছিল । বুমৰাহৰ বল যথেষ্ট ছুইং কৰিছিল । এক কঠিন পৰিৱেশ আছিল । যি কি নহওক ৰিয়ানে এয়া নিজৰ আয়ত্বলৈ আনিবলৈ সক্ষম হয় ।"

লগতে ৰিয়ানৰ দক্ষ ক্ৰিকেটাৰ পিতৃ পৰাগ দাসে কালিৰ খেলখনত ৰিয়ানে বুমৰাহৰ এটা বহুত বেছি ছুইং কৰা বলত মৰা এটা ৰক্ষণাত্মক শ্বট তেওঁৰ আটাইতকৈ ভাল লগা বুলি উল্লেখ কৰে । দেউতাকৰ মতে ক্ৰীজৰ পৰিৱেশৰ লগত নিজকে মিলাই ল'ব পাৰে ৰিয়ানে । এইটো ছিজনৰ খেল কেইখনক লৈ সুখী ৰিয়ানৰ পিতৃ ৷

ইণ্ডিয়া টীমলৈ নিৰ্বাচিত হ'বনে ৰিয়ান পৰাগ ?

আইপিএলৰ লগতে আন ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ সফলতাৰ পিছত চৰ্চা হৈছে টীম ইণ্ডিয়াৰ বাবে দুৱাৰ খোল খাইছে ৰিয়ান পৰাগৰ ৷ ঘৰুৱা ক্ৰিকেটৰ অভিজ্ঞ ক্ৰিকেটাৰ ৰিয়ান পিতৃ পৰাগ দাসে কয় টীম ইণ্ডিয়াত স্থান প্ৰাপ্তিৰ আশাৰেই ৰিয়ান পৰাগৰ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ হৈছিল । বিশেষ মন্তব্য নকৰি পিতৃ গৰাকীয়ে কয় যে ভাৰতীয় দলত স্থান লাভ কৰা প্ৰসংগত সকলো নিৰ্ভৰ কৰিব নিৰ্বাচক সমিতি আৰু ভগৱানৰ ওপৰত ৷

"যদি ক্ৰিকেট খেলিবই লাগে তেন্তে মোৰ নিচিনা ৰঞ্জী, দুলীপ, দেওধৰ ট্ৰফী আদি খেলিবলৈ নহয় ৷ টীম ইণ্ডিয়াত স্থান লাভৰ উদ্দেশ্যৰেই খেলিব লাগিব ৷ নহ'লে আন শান্ত-সমাহিত জীৱনৰ বাটো আছে আগবাঢ়িবলৈ ৷ সেইদৰে ৰিয়ানৰ সিধান্ত মৰ্মেই তেওঁক ক্ৰিকেটৰ ক্ষেত্ৰখনত আগুৱাই নিয়া হৈছে । বহু দূৰ আগবাঢ়িবলৈ বাকী আছে তেওঁৰ । সাধনা কৰিব লাগিব । বাকীখিনি ভগৱানৰ ওপৰত ৷ " ইণ্ডিয়া টীমত ৰিয়ানৰ স্থান লাভ কৰাৰ সম্ভাৱনা প্ৰসংগত এইদৰে কয় পিতৃ পৰাগ দাসে ৷

উল্লেখ্য যে ভিৰত ক্ৰিকেট চাই ভাল নোপোৱা ৰিয়ানৰ পিতৃয়ে ষ্টেডিয়ামত খেল চাবলৈ নাযায় ৷ পুত্ৰৰ খেল অকলেই টিভিত উপভোগ কৰে বুলি জনায় তেওঁ । আনহাতে ৰিয়ানৰ মাক মিঠু বৰুৱাও এগৰাকী পৰিচিত সাঁতোৰবিদ ৷ মাকে এইটো ছিজনত পুত্ৰৰ আশে-পাশে আৰু ষ্টেডিয়ামত উপস্থিত থাকি উৎসাহিত কৰি আহিছে ৰিয়ানক ।

লগতে পঢ়ক :ব্যৰ্থতা আৰু সমালোচনা সফলতাৰ আধাৰ : ৰাজকীয় প্ৰত্যাৱৰ্তনেৰে প্ৰমাণ কৰিলে ৰিয়ান পৰাগে - Riyan Parag

ABOUT THE AUTHOR

...view details