ETV Bharat / sports

ব্যৰ্থতা আৰু সমালোচনা সফলতাৰ আধাৰ : ৰাজকীয় প্ৰত্যাৱৰ্তনেৰে প্ৰমাণ কৰিলে ৰিয়ান পৰাগে - Riyan Parag

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:44 PM IST

RIYAN PARAG
ৰিয়ান পৰাগৰ ৰাজকীয় প্ৰত্যাৱৰ্তন

Riyan Parag : অনুৰাগীৰ হতাশাজনক মন্তব্য, ক্ৰিকেট বিশ্লেষকৰ সামাজিক মাধ্যমত ট্ৰ'ল, সমালোচকৰ আক্ৰমণ আৰু ককৰ্থনা ৷ আনকি জ্যেষ্ঠ ক্ৰিকেটাৰসকলৰ পৰা পোৱা ভৰ্ৎসনাও দূৰ কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হোৱাটো ৰিয়ানৰ বাবে ইমান সহজ নাছিল। বিগত তিনিটা বৰ্ষত আই পি এলত ক্ৰমাগত ব্যৰ্থতাৰ পিচত এই বছৰ এনেধৰণৰ ৰাজকীয় প্ৰত্যাৱৰ্তন একাগ্ৰতা, অধ্যৱসায় আৰু নিজৰ খেলৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণৰ এক অপূৰ্ব নিদৰ্শন। জ্যেষ্ঠ সাংবাদিক আজিজুৰ ৰহমান হাজৰিকাৰ বিশেষ লেখা-

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : "ৰাজস্থান ৰয়েলছ মানে পাঁচজন বেটাৰ, পাঁচজন বলাৰ আৰু ৰিয়ান পৰাগ ৷ সফল হওক বা নহওক ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছৰ স্থান অটল ৷ ৰাজস্থান ৰয়েলছ যেন ৰিয়ানৰ পৈত্ৰিক সম্পত্তি ৷ যাৰ বাবে বেটত ৰাণ পাওক বা নাপাওক, উইকেট পাওক বা নাপাওক দলত স্থান নিগাজী ৷" এয়া হৈছে আই পি এলত ৰাজস্থান ৰয়েলছৰ সদস্য তথা অসমৰ প্ৰতিশ্ৰুতিৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগক লৈ বিগত বৰ্ষত কৰা প্ৰায় সকলো পক্ষৰ মন্তব্য ৷ যাৰ বাবে ৰিয়ান পৰাগৰ ক্ৰিকেট ভৱিষ্যতক লৈ বিৰাট ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল ৷ কিন্তু এই সকলো সমালোচনা নীৰৱে সহ্য কৰি ৰিয়ান পৰাগে যেন অন্তৰাত্মাক আহ্বান জনাইছিল, নিজৰ অন্তৰ্নিহিত প্ৰতিভাক জাগ্ৰত কৰিবলৈ নিজৰ সৈতে যুঁজিছিল, বাস্তৱ প্ৰতিবন্ধকতাক দূৰ কৰিবলৈ ধ্যান কৰিছিল ৷ তাৰ উচিত ফল দেখা গৈছে আই পি এলৰ এই বৰ্ষৰ সংস্কৰণত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এক কথাত ৰিয়ান পৰাগৰ দ্বিতীয় সংস্কৰণ প্ৰকাশিত হৈছে এইবাৰৰ আই পি এলত ৷ অৱশ্যে তাৰ বাবে সমানে কৃতিত্ব দিব লাগিব আৰ আৰ (RR) ফ্ৰেঞ্চাইজি আৰু ইয়াৰ ব্যৱস্থাপকসকলক ৷ কিয়নো তেওঁলোকে ৰিয়ানৰ ওপৰত ৰাখিছিল সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৷ বিভিন্ন সমালোচনাকো আওকাণ কৰি ৰিয়ানক দি গৈছিল এটাৰ পিছত আন এটা সুযোগ ৷ আনকি এইবাৰৰ আই পি এলত কেৱল ৰিয়ানৰ বাবেই দলটোৱে লৈছিল এক ডাঙৰ সিদ্ধান্ত ৷ দলৰ এগৰাকী অন্যতম গুৰুত্বপূৰ্ণ বেটাৰ দেৱদত্ত পাডিকালক দলে এৰি দি তাৰ স্থানত দলত লয় আৱেশ খানৰ ৰূপত এজন বলাৰক ৷ উদ্দেশ্য এটাই, ৰিয়ানৰ বেটিং ক্ৰম আগুৱাই অনা আৰু অধিক সুবিধা প্ৰদান কৰা ৷ ৰাজস্থান ৰয়েলছৰ এই সিদ্ধান্তই এতিয়া ভাল ফল দেখুৱাইছে ৷

পূৰ্বতে অন্তিম অভাৰত বেটিং কৰিবলৈ আহি ফিনিশ্বাৰৰ ভূমিকা গ্ৰহণ কৰিবলগা হৈছিল ৰিয়ান পৰাগে ৷ হাতত সময় বেছি নাছিল, অথচ নিৰ্ধাৰিত বলতে প্ৰদৰ্শন কৰিবলগা হৈছিল নিজৰ পাৰদৰ্শিতা ৷ এগৰাকী 20-21 বছৰীয়া উদীয়মান খেলুৱৈৰ বাবে সেয়া সিমান এটা সহজ নাছিল ৷ কিন্তু বৰ্তমান চাৰি নম্বৰত নিজৰ স্থান লাভ কৰাত ৰিয়ানে লাভ কৰিছে নিজক প্ৰকাশ কৰাৰ অনন্য সুযোগ ৷ এইবাৰ ৰিয়ায়নৰ সবাতোকৈ ডাঙৰ পৰিৱৰ্তন হৈছে তেওঁৰ আচৰণ, ব্যৱহাৰ, চিন্তা, খেল, ৰণনীতি আৰু তাৰ প্ৰয়োগত পৰিপক্কতা আৰু বিচক্ষণতা ৷ মুঠতে ক'বলৈ গ'লে এক নতুন ৰূপত আবিৰ্ভাৱ ঘটিছে ৰিয়ান পৰাগৰ দ্বিতীয় সংস্কৰণ ৷ য'ত উদ্ভাসিত হৈছে ভৱিষ্যতে নীলা জাৰ্চিত দেশক প্ৰতিনিধিত্ব কৰাৰ সম্পূৰ্ণ সম্ভাৱনা ৷

ৰিয়ান পৰাগৰ এই নতুন ৰূপ আবিষ্কাৰৰ আঁৰত কিন্তু শ্ৰেয় যায় ঘৰুৱা ক্ৰিকেট বৰ্তনীলৈ ৷ কিয়নো বিগত দুটা বছৰত ৰিয়ানে ঘৰুৱা ক্ৰিকেটত যথেষ্ট মনোনিবেশ কৰিছে আৰু তাৰ ফলাফলো লাভ কৰিছে ৷ বিশেষকৈ 2023-24 বৰ্ষৰ কেইবাটাও ঘৰুৱা প্ৰতিযোগিতাত ৰিয়ানৰ প্ৰদৰ্শন আছিল ঈর্ষণীয় ৷ সেয়া বিজয় হাজাৰে ট্ৰফী হওক, চৈয়দ মোস্তাক আলী ট্ৰফী হওক, দেওধৰ ট্ৰফী হওক বা ৰঞ্জী ট্ৰফী ৷ ৰিয়ান পৰাগৰ বাবে এই বৰ্ষটো এক মাইলৰ খুঁটি ৷ আই পি এলৰ বিগত ছিজনৰ কথা যদি উল্লেখ কৰিবলৈ যোৱা যায় তেন্তে ৰিয়ান পৰাগে সাতটা ইনিংছ খেলি মাত্ৰ 78 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, 2022 চিজনত 14 টা ইনিংছত 183 ৰাণ সংগ্ৰহ কৰিছিল ৷ 2021 চনত 10 টা ইনিংছত 93 ৰাণ সংগ্ৰহ কৰিছিল খেলুৱৈজগৰাকীয়ে ৷ কিন্তু তথাপিও ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা লক্ষ্য কৰিলে যে আগন্তুক সময়ত তেওঁ বিশেষ কিবা কৰি দেখুৱাব বুলি বিশ্বাস জাগে ৷

বেটিং ক্ৰমত ৰিয়ান পৰাগৰ পদোন্নতি সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ সঞ্চালক কুমাৰ চাংগাকাৰাৰ দৃষ্টিভংগী হৈছে- "এইটো এটা ক্ৰিকেটৰ সিদ্ধান্ত আছিল ৷ তেওঁ বিগত বছৰবোৰত কেনে প্ৰদৰ্শন কৰিছে সেয়া আমি লক্ষ্য কৰিছিলোঁ ৷ ৰিয়ানৰ দৰে আন কাৰোবাৰ বাবেও এইটো এটা অতি কঠিন কথা ৷ আটাইতকৈ কঠিন সময়ত তেওঁ আহিব লাগিব আৰু ডেথ অভাৰত ৰাণৰেট বৃদ্ধি কৰিব লাগিব ৷ এয়া সঁচাকৈয়ে এক চাপৰ কথা ৷" আনহাতে, ৰিয়ানৰ ক্ষেত্ৰত অতি ইতিবাচক প্ৰাক্তন শ্ৰীলংকান ক্ৰিকেট ষ্টাৰগৰাকীয়ে লগতে কয়- "আমি সকলোৱে অনুভৱ কৰিছিলো যে তেওঁ আমাৰ বাবে পালন কৰিব পৰা অধিক গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ আৰু তেওঁ ছিজনলৈ আগবাঢ়ি যোৱা কঠোৰ পৰিশ্ৰম, ঘৰুৱা ক্ৰিকেটত তেওঁ সংগ্ৰহ কৰা সকলো ৰাণ, সকলোৱে সেই সিদ্ধান্তত এক ভূমিকা পালন কৰিছিল ৷"

উল্লেখ্য যে ৰিয়ান পৰাগে লক্ষ্নৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে 29 বলত 43 ৰাণ কৰি আই পি এল 2024 আৰম্ভ কৰে ৷ লগতে সঞ্জু চেমছনৰ সৈতে 59 টা বলত 93 ৰাণৰ এক মেচ টাৰ্ণিং পাৰ্টনাৰশ্বিপ গঢ়ে ৷ ঘৰুৱা শৃংখলাৰ কথা উল্লেখ কৰিবলৈ গ'লে বিগত চিজনৰ আন্তঃ-মণ্ডল 50 অভাৰৰ টুৰ্ণামেণ্ট দেওধৰ ট্ৰফীত তেওঁ হৈছে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৷ ইয়াৰ উপৰিও সৰ্বাধিক ছিক্স-হিটাৰ আৰু তৃতীয় সৰ্বাধিক (যুটীয়া) উইকেট সংগ্ৰহকাৰী আছিল তেওঁ ৷ প্ৰতিযোগিতাখনত তেওঁৰ বেটৰ পৰা দুটা শতক আহিছিল আৰু প্লেয়াৰ অব দ্য টুৰ্ণামেণ্টো বিবেচিত হৈছিল ৷

এইবাৰ ৰিয়ানৰ প্ৰদৰ্শন লক্ষ্য কৰি চাংগাকাৰাই কয়- "আমি ৰিয়ানৰ ক্ষেত্ৰত দেখা আটাইতকৈ ডাঙৰ বস্তুটো হ'ল পৰিপক্কতা ৷" ৰিয়ান সন্দৰ্ভত ভৱিষ্যতৰ ইংগিত দি চাংগাকাৰাই পুনৰ কয়- "তেওঁ এতিয়াও যে এজন অতি যুৱ ক্ৰিকেটাৰ, আমি সেইটো পাহৰিব নালাগে ৷ কিন্তু তেওঁ এতিয়া অতি ভোকাতুৰ (ৰাণৰ) ৷" বিগত বৰ্ষত ৰিয়ান পৰাগ সন্দৰ্ভত ক্ৰিকেট বিশ্লেষক, ধাৰাভাষ্যকৰ আনকি জ্যেষ্ঠ ক্ৰিকেটাৰসকলৰ মন্তব্য যথেষ্ট নেতিবাচক আছিল ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে হৰ্ষ ভোগলে আৰু সুনীল গাভাস্কৰ ৷ কিন্তু তাৰ মাজতে বিশ্ব টি-20 ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱৰ মন্তব্য আছিল উল্লেখনীয়- "lets watch, কুছ খাচ হ্যায় ৷" আনহাতে, প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ অন্যতম ধাৰাভাষ্যকাৰ ইৰফান পাঠানৰ মন্তব্য- আগন্তুক দুবছৰত ৰিয়ান ভাৰতীয় দলৰ অবিচ্ছেদ্য অংগ হ'ব ৷

দিল্লীৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ দ্বিতীয় মেচত ৰিয়ানৰ দক্ষিণ আফ্ৰিকাৰ বলাৰ এনৰিছ নৰটজেৰ অন্তিম অভাৰটো সৰ্বকাললৈ স্মৰণযোগ্য ৷ 150 কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈও অধিক গতিবেগৰ বলত ক্ৰমাগত পাঁচটা বাউণ্ডেৰী (৪, ৪, ৬, ৪, ৬) কোবোৱাটো সঁচাকৈয়ে এক অবিস্মৰণীয় ঘটনা ৷ এই ক্ষেত্ৰত ৰিয়ানৰ মন্তব্য- তেওঁ বলাৰ চোৱা নাই, চাইছে বল ৷ সঁচাকৈয়ে এয়া হৈছে পূৰ্ণতা আৰু পৰিপক্কতা ৷ উল্লেখযোগ্য যে মেচখনত এটা সময়ত ৰিয়ানে 26 বলত 26 ৰাণ কৰি খেলি আছিল ৷ তাৰ পিচত 45 বলত 84 ৰাণৰ এক অপৰাজিত ইনিংছ ৷ য'ত আছিল নৰটজেৰ এটা অভাৰত ২৫ ৰাণ ৷

ৰিয়ান পৰাগে যোৱা বছৰ এটা টুইট কৰিছিল যে তেওঁৰ সপোন আছিল এটা অভাৰত চাৰিটা ছয় কোবোৱা ৷ সেই সময়ত ৰিয়ানৰ এই টুইটটোক লৈ তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছিল আৰু যথেষ্ট ট্ৰ'লৰ সন্মুখীন হ'বলগা হৈছিল ৷ কিন্তু ৰিয়ানে যেন সেই সপোন এইবাৰ পূৰণ কৰিলে ৷ অৱশ্যে চাৰিটা ছয় নহ'লেও ক্ৰমাগত পাঁচটা বলত বল বাউণ্ডেৰী সীমা অতিক্ৰম কৰালে (দুটা ছয়, তিনিটা চাৰি) ৷ যাৰ বাবে এতিয়া ক্ৰিকেট বিশ্লেষকে ক'বলৈ বাধ্য হৈছে- 22 বছৰ বয়সত ইমান পৰিপক্কতা দেখাটো খুব কম ৷ উল্লেখযোগ্য যে ৰিয়ানে শেহতীয়া অৰ্ধশতকটো অর্জন কৰিবলৈ অপেক্ষা কৰিবলগা হৈছে 1 বছৰ 11 মাহ আৰু এদিন ৷ আনহাতে বিগত এটা বছৰত নিজকে বহুখিনি সংশোধন ঘটাবলৈ সক্ষম হোৱা ৰিয়ানে সমালোচকক নিৰ্ভীকভাৱে ক'ব পৰা হৈছে- "তুমি সম্পাদনা কৰি মিম বনাইছিলা, তোমাৰ ভাতৃয়ে কষ্ট কৰি ড্ৰীম বনালে ৷" আনহাতে এসময়ত যিসকলে সমালোচনা কৰিছিল তেওঁলোকৰ মুখতে ফুটি ওলাইছে, "New star is born." ৷

বৰ্তমান ৰিয়ান হৈছে ভাৰতীয় হিচাপে এইবাৰ আই পি এলত সৰ্বোচ্চ ব্যক্তিগত ৰাণ সংগ্ৰহকাৰী ৷ আনহাতে সামগ্ৰিকভাৱে তৃতীয় সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী (29 মাৰ্চলৈ) ৷ ইফালে ৰিয়ানৰ ইনিংছ উপভোগ কৰি অভিভূত সূর্যকুমাৰ যাদৱে তেওঁৰ এক্স হেণ্ডেলত ৰিয়ানৰ উচ্চ প্ৰশংসা কৰি লিখিছে- "এইগৰাকী খেলুৱৈক কেইসপ্তাহমান পূৰ্বে এন চি এত (National cricket academy) লগ পাইছিলোঁ ৷ তেওঁ অলপ অসুস্থ আছিল ৷ তেওঁ নিজকে সম্পূৰ্ণ সুস্থ কৰাৰ ওপৰত মনোনিবেশ কৰিছিল আৰু অতিশয় শৃঙ্খলাবদ্ধভাৱে নিজৰ দক্ষতা বৃদ্ধিৰ বাবে কাম কৰিছে ৷ এইটো কোৱা ভুল নহ'ব যে তেওঁ এতিয়া সম্পূৰ্ণ পৰিৱৰ্তিত এগৰাকী খেলুৱৈ ৷ ৰিয়ান পৰাগ ২.০ ৷"

আনহাতে, ৰবীন উথাপ্পাৰ মন্তব্য- "এইগৰাকী ৰিয়ান পৰাগ মোৰ পছন্দৰ ৷ আগৰজনে কেৱল কথা কৈছিল, শিশুও আছিল ৷" ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ আন এক সফলতাৰ উদাহৰণ হৈছে শেহতীয়া চৈয়দ মোস্তাক আলী ট্ৰফী ৷ 2023-24 বৰ্ষৰ এই ঘৰুৱা প্ৰতিযোগিতাখনত ৰিয়ানে মুঠ 10 খন মেচত 85 গড়েৰে 530 ৰাণ সংগ্ৰহ কৰে ৷ ট্ৰাইক ৰেট 182 আৰু মুঠ সাতটা অৰ্ধশতক ৷ ইয়াৰে ভিতৰত আছিল এটা বিশ্ব ৰেকৰ্ড ৷ প্ৰথম শ্ৰেণীৰ সীমিত অভাৰ ক্ৰিকেটত একেৰাহে ছটা অৰ্ধশতক অর্জন কৰা ৰিয়ান পৰাগ বিশ্বৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৷ এই শৃংখলাত ৰিয়ান পৰাগে 11 টা উইকেটো দখল কৰে ৷

ইয়াৰ উপৰিও বিজয় হাজাৰে ট্ৰফীত ৰিয়ানে 9 খন মেচত 552 ৰাণ সংগ্ৰহ কৰে ৷ সৰ্বোচ্চ স্ক'ৰ হৈছে 174 ৷ ট্ৰাইক ৰেট 123 আৰু গড় 69 ৷ আনহাতে 5.57 ইকনমি ৰেটেৰে ৰিয়ানে 10 টা উইকেট দখল কৰে ৷ আনহাতে, বিগত বৰ্ষৰ বি চি চি আইৰ ঘৰুৱা ক্ৰিকেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ বাবে লালা অমৰনাথ বঁটাও লাভ কৰিবলৈ সক্ষম হয় ৰিয়ান পৰাগে ৷ যি কি নহওক, এয়া হৈছে ৰিয়ানৰ কেৰিয়াৰৰ আৰম্ভণি ৷ এই আৰম্ভণি যদি সঠিকভাৱে কৰিব পাৰে, তেন্তে ইয়াৰ ভেটিতে ভৱিষ্যত গঢ়ি উঠিব ৷ নিশ্চিতভাৱে এই দুটা ইনিংছৰ প্ৰদৰ্শনৰ জৰিয়তেই ৰিয়ানৰ ৰিপৰ্ট কাৰ্ড তৈয়াৰ কৰাটো উচিত নহ'ব ৷ কিন্তু ৰিয়ান পৰাগ এইবাৰ যে ন-ৰূপেৰে উদ্ভাসিত উঠিছে সেয়া সত্য ৷ এতিয়া মাথোঁ এটাই লক্ষ্য কৰিবলগীয়া যে আগন্তুক দিনত তেওঁৰ প্ৰদৰ্শনৰ ধাৰা কেনেদৰে অব্যাহত ৰাখে ৷ অসম দলৰ সৰ্বকনিষ্ঠ অধিনায়কগৰাকীয়ে ৰাষ্ট্ৰীয় দলৰ জাৰ্চি পৰিধান কৰা দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক : দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ - Riyan Parag

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.