ETV Bharat / sports

দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ - Riyan Parag

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 10:30 PM IST

RAJASTHAN ROYALS
ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ

RAJASTHAN ROYALS : দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত চাৰি নম্বৰ স্থানত বেটিং কৰি ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ সংগ্ৰহ কৰে ৰিয়ান পৰাগে ৷ পৰাগে 45 টা বলত অপৰাজিত 84 ৰান সংগ্ৰহ কৰে ৷

স্পৰ্টছ ডেস্ক, 28 মাৰ্চ : বৃহস্পতিবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আই পি এল ২০২৪ৰ নৱম সংখ্যক মেচ খনত চাৰি নম্বৰ স্থানত বেটিং কৰি ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ সংগ্ৰহ কৰে ৰিয়ান পৰাগে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আই পি এলত ধাৰাবাহিক ব্যৰ্থতাৰ অন্তত ৰিয়ান পৰাগে আজিৰ মেচত এক বিস্ফোৰক ইনিংছ খেলি দলক বিপদৰ পৰা ৰক্ষা কৰে ৷ পৰাগে 45 টা বলত অপৰাজিত 84 ৰান সংগ্ৰহ কৰি 2008 চনত পঞ্জাব কিংছ (তেতিয়াৰ কিংছ একাদশ পঞ্জাব)ৰ বিৰুদ্ধে শ্বেন ৱাটছনৰ পূৰ্বৰ শ্ৰেষ্ঠ 76 ৰান অতিক্ৰম কৰে ৷ লগতে এইয়া পৰাগৰ ব্যক্তিগত টি-২০ৰ সৰ্বোচ্চ স্ক’ৰ ৷

আই পি এলত চাৰি নম্বৰ স্থানত ৰাজস্থান ৰয়েলছৰ বেটছমেনৰ সৰ্বোচ্চ স্ক’ৰ-

1) ৰিয়ান পৰাগ - 45 বলত 84* বনাম দিল্লী কেপিটেলছ, 2024

2) শ্বেন ৱাটছন - 49 বলত 76* বনাম কিংছ একাদশ পঞ্জাৱ, 2008

3) ওৱাইছ শ্বাহ - 42 বলত 76 ৰান বনাম মুম্বাই ইণ্ডিয়ানছ, 2012

4) শ্বেন ৱাটছন - 40 বলত 74 ৰান বনাম দিল্লী কেপিটেলছ (তেতিয়াৰ দিল্লী ডেয়াৰডেভিলছ) 2008

5) শিৱম ডুবে - 42 বলত 64* বনাম চেন্নাই ছুপাৰ কিংছ, 2021

উল্লেখ্য যে, বৃহস্পতিবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থান ৰয়েলছৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হয় বেটছমেন ৰিয়ান পৰাগ ৷ মাত্ৰ 36 ৰানতে 3 টা উইকেট হেৰুৱাই বিপদত পৰা ৰাজস্থানক ৰয়েলছক দায়িত্বশীল বেটিঙেৰে উদ্ধাৰ কৰে ৰিয়ান পৰাগে ৷ মাত্ৰ 45 টা বলৰ সন্মুখীন হৈ অপৰাজিত 84 ৰাণ সংগ্ৰহ কৰি ৰিয়ান পৰাগে দলৰ স্ক’ৰ 185 লৈ যোৱাত সহায় কৰে ৷

টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ অপৰাজিত 84 ৰাণৰ সহায়ত 5 টা উইকেট হেৰুৱাই ঋষভ পন্ট নেতৃত্বাধীন দিল্লী কেপিটেলছক জয়ৰ বাবে বান্ধি দিয়ে 186 ৰাণ লক্ষ্য ৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছন, তাৰকা বেটছমেন জ’ছ বাটলাৰ, যশস্বী জয়ছোৱাল কম সময়তে পেভিলিয়নমুখী হোৱাৰ পিচত দায়িত্বশীল বেটিঙেৰে দলক আগুৱাই নিয়ে ৰিয়ান পৰাগে ৷

লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছলৈ কেতিয়া ঘূৰিব সূৰ্যকুমাৰ যাদৱ ? - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.