ETV Bharat / sports

মুম্বাই ইণ্ডিয়ানছলৈ কেতিয়া ঘূৰিব সূৰ্যকুমাৰ যাদৱ ? - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 9:18 PM IST

SURYAKUMAR YADAV IPL COMEBACK
মুম্বাই ইণ্ডিয়ানছলৈ কেতিয়া ঘূৰিব সূৰ্যকুমাৰ

Suryakumar Yadav : আই পি এল ২০২৪ত মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি অতি বেয়া ৷ এতিয়ালৈকে খেলা দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে দলটো। এতিয়া খবৰ আহিছে মুম্বাইৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱ দললৈ পুনৰ ঘূৰি আহিব ৷

স্পৰ্টছ ডেস্ক, 28 মাৰ্চ : বিশ্বৰ এক নম্বৰ টি-২০ বেটছমেন সূৰ্যকুমাৰ যাদৱ স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা নাই আৰু আই পি এলৰ কিছু মেচ তেওঁ খেলিব নোৱাৰিব ৷ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীয়ে তেওঁৰ স্বাস্থ্যৰ অগ্ৰগতিৰ ওপৰত চকু ৰাখিছে ৷

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা সূৰ্যকুমাৰে চলিত ছিজনত এতিয়ালৈকে কোনো মেচ খেলিব পৰা নাই আৰু তেওঁৰ দলটোৱে এতিয়ালৈকে খেলা দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে ৷ ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ড (BCCI)ৰ এক সূত্ৰই কয় যে, ‘সূৰ্যকুমাৰে অতি ভাল অগ্ৰগতি লাভ কৰিছে আৰু অতি সোনকালে মুম্বাই ইণ্ডিয়ানছৰ হৈ তেওঁ খেলপথাৰত নামিব ৷ অৱশ্যে প্ৰথম দুখন মেচ খেলিব নোৱাৰাৰ পিচত হয়তো আৰু কিছু মেচৰ পৰা খেলুৱৈজন আঁতৰি থাকিব লাগিব ৷'

  • " class="align-text-top noRightClick twitterSection" data="">

মুম্বাই ইণ্ডিয়ানছে সূৰ্যকুমাৰক হেৰুৱাইছে যদিও এই আগ্ৰাসী বেটছমেনগৰাকীৰ ফিটনেছ সন্দৰ্ভত বি চি চি আইয়ে কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে ৷ কিয়নো জুন মাহত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত তেওঁ ডাঙৰ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ সূত্ৰটোৱে কয় যে, ‘বি চি চি আইৰ বাবে মূল চিন্তা হৈছে তেওঁ টি-২০ বিশ্বকাপ খেলাৰ পথত আছে নে নাই ৷’

খেলপথাৰৰ চাৰিওফালে শ্বট খেলাৰ ক্ষমতা থকাৰ বাবে 33 বছৰীয়া সূৰ্যকুমাৰক প্ৰায়ে দক্ষিণ আফ্ৰিকাৰ অৱসৰপ্ৰাপ্ত বেটছমেন এ বি ডি ভিলিয়াৰ্ছৰ সৈতে তুলনা কৰা হয় ৷ সূৰ্যকুমাৰে ভাৰতৰ হৈ 60 খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত চাৰিটা শতকৰ সহায়ত 2,141 ৰান সংগ্ৰহ কৰিছে ৷ ইফালে সোমবাৰে মুম্বাইত ঘৰুৱা প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছ দলে ৷

লগতে পঢ়ক : মুম্বাইৰ বিৰুদ্ধে হায়দৰাবাদৰ ঐতিহাসিক জয় - MI Vs SRH IPL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.