ETV Bharat / sports

মুম্বাইৰ বিৰুদ্ধে হায়দৰাবাদৰ ঐতিহাসিক জয় - MI vs SRH IPL

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 9:55 AM IST

MI vs SRH IPL
মুম্বাইৰ বিৰুদ্ধে হায়দৰাবাদৰ ঐতিহাসিক জয়

MI vs SRH IPL: ছানৰাইজাৰ্ছ হায়দৰাবাদে আইপিএলৰ ইতিহাসত ২৭৭ ৰাণৰ সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় । মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ২৪৬ ৰাণতে সন্তুষ্ট থাকিবলগা হয় । যাৰ বাবে ৩১ ৰাণৰ ব্যৱধানত বুধবাৰে খেলখনত মুম্বাই পৰাজিত হয় ।

স্পৰ্টছ ডেস্ক,২৮ মাৰ্চ : আইপিএলৰ এখন গুৰুত্বপূৰ্ণ মেচত বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৩১ ৰাণৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰে । প্ৰথমে বেটিং কৰি আইপিএলৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ । মুম্বাইৰ সন্মুখত হায়দৰাবাদে ২৭৮ ৰাণৰ বৃহৎ লক্ষ্য আগত ৰাখে । অৱশ্যে মুম্বাইৰ দলটোৱেও প্ৰত্যুত্তৰ স্বৰূপে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৪৬ ৰাণ সংগ্ৰহ কৰে । যাৰ বাবে মুম্বাইয়ে ৩১ ৰাণৰ ব্যৱধানত খেলখনত পৰাজিত হয় ।

পৰাজিত হ'লেও খেলখনত এটা সময়লৈ দলটোৱে হায়দৰাবাদক কঠোৰ প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছিল । মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক ৬৪ ৰাণ সংগ্ৰহ কৰে । একে সময়তে, জয়দেৱ উনাদকাট আৰু পেট কামিন্সে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ২ টাকৈ উইকেট দখল কৰে ।

উল্লেখ্য যে মুম্বাইৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি হায়দৰাবাদে ঘৰুৱা খেলপথাৰত আইপিএলৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে বেংগালুৰুয়ে ২৬৩ ৰাণ সংগ্ৰহ কৰিছিল । হায়দৰাবাদৰ ৩ গৰাকী বেটছমেনে দ্ৰুত অৰ্ধ-শতক অৰ্জন কৰে । য'ত ট্ৰেভিছ হেডে সুন্দৰ বেটিং কৰি ৬২ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগতে অভিষেক শৰ্মাই আক্ৰমণাত্মক বেটিং কৰি মাত্ৰ ২৩ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে । তাৰ পিচত হেনৰিখ ক্লাছেন আৰু এডাম মাৰ্ক্ৰাম অপৰাজিত হৈ থাকে । ক্লাছেনে ৩৪ টা বল খেলি ৮০ ৰাণ সংগ্ৰহ কৰে ।

একেদৰে এডাম মাৰ্ক্ৰামে ২৮ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰে । বলাৰৰ ফালৰ পৰা আইপিএলৰ নৱাগত কুৱেনা মফেকাই ৪ অভাৰত ৬৬ ৰাণ দিয়ে । আনহাতে পীয়ুষ চাওলাই ২ অভাৰত ৩৪ ৰাণ দিয়ে । শ্বামছ মুলানীয়ে ২ অভাৰত ৩৩ ৰাণ দিয়ে । তদুপৰি, গেৰাল্ড কোটজীয়ে ৪ অভাৰত ৫৭ ৰাণ দিয়ে । আটাইতকৈ দৰ্শনীয় বলিং যশপ্ৰীত বুমৰাহে কৰে, তেওঁ ৪ অভাৰত ৩৬ ৰাণ দিয়ে ।

আইপিএলত ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হায়দৰাবাদৰ এই ঐতিহাসিক বিজয়ৰ পিচত ক্ৰিকেটত ব্যাপক চৰ্চা আৰম্ভ হৈছে । হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে । সামাজিক মাধ্যমত একাংশ লোকে হাৰ্দিক পাণ্ডিয়াক সমালোচনা কৰিছে ।

লগতে পঢ়ক:IPL 2024 ত চেন্নাই ছুপাৰ কিংছৰ একেৰাহে দ্বিতীয়টো জয়, গুজৰাট টাইটানছ ৬৩ ৰানত পৰাস্ত - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.