অসম

assam

পাঁচটা লোকসভা সমষ্টিৰ নিৰ্বাচনত চাহ বাগিচাৰ ভোটাৰে ল’ব নেকি নিৰ্ণায়ক ভূমিকা ? - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 8:07 PM IST

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত পাঁচটা সমষ্টিত চাহ বাগিচাৰ ভোটাৰ সকলে বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে ৷ প্ৰতিটো নিৰ্বাচনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীয় লোকসকলে ৷

LOK SABHA ELECTION 2024
প্ৰথম পৰ্য়ায়ৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল’ব নেকি চাহ বাগিচাৰ ভোটাৰে

তেজপুৰ, 20 এপ্ৰিল : অসমত প্ৰায় ১ কোটিৰ ওচৰত চাহ জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু ইয়াৰ ভিতৰত প্ৰায় ৬০ লাখ লোক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে ৷ অসমৰ প্ৰতিটো নিৰ্বাচনত এই লোকসকলে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷ উজনি অসমৰ পৰা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বৃহৎ সংখ্যক চাহ বাগিচা আছে আৰু ইয়াৰ অন্তৰ্গত প্ৰতিটো সমষ্টিতে চাহ জনগোষ্ঠীয় লোকে স্বাধীনতাৰ পিচৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে ৷ লোকসভা নিৰ্বাচনৰ 19 এপ্ৰিলত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱা ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা- এই পাঁচটা সমষ্টিত চাহ বাগিচাৰ ভোটাৰ সকলে বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে ৷

অসমত চৰকাৰী তথ্য অনুসৰি মুঠ 803 চাহ বাগিচা আছে তাৰ ভিতৰত 200 খন প্ৰধান চাহ বাগিচা আৰু বাকী 600 খন সাধাৰণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ সমগ্ৰ অসমত আছে 5,000 তকৈয়ো অধিক ক্ষুদ্ৰ চাহ বাগিচা ৷ এই বাগিচাসমূহত 10 লাখ চাহ শ্ৰমিক আছে ৷ ইয়াৰ ভিতৰত 4 লাখ মহিলা শ্ৰমিক ৷ এই চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীয় লোক সকলে প্ৰতিটো নিৰ্বাচনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷

ভাৰতবৰ্ষৰ চাহ বাগিচা সমূহৰ বছৰি চাহ উৎপাদনৰ 52 শতাংশ অসমৰ চাহ বাগিচাই উৎপাদন কৰে ৷ উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে ৰাজ্যখনৰ চাহ শ্ৰমিকৰ মজুৰি দৈনিক 167 টকাৰ পৰা বৃদ্ধি কৰি 250 টকা কৰিলে ৷ উজনি অসমৰ চাহ বাগিচাৰ ভোটাৰে সকলো নিৰ্বাচনতে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখা যায় ৷ প্ৰায় 55 খন প্ৰধান চাহ বাগিচাৰ ভিতৰত অধিকাংশ বাগিচাৰ শ্ৰমিকেই দৈনিক মজুৰি 525 টকালৈ বৃদ্ধি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

চাহ জনগোষ্ঠীৰ আদিবাসী সকলক ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰা দাবীৰ লগতে চাহ জনগোষ্ঠীৰ সংগঠনে জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ আনহাতে আদিবাসী ছাত্ৰ সংগঠন আছাৰ হুংকাৰ আছিল - তেওঁলোকে প্ৰাপ্য অধিকাৰ নাপালে 2024 চনৰ লোকসভাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব | লগতে এই দবীত বিভিন্ন সময়ত ৰাজপথত আন্দোলন কৰাও দেখা গৈছিল ৷ কিন্তু 19 এপ্ৰিলৰ নিৰ্বাচনত অসমত এই ইছ্যু লৈ নীৰৱতা দেখা গ’ল ৷

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সুনীল তিৰ্কীয়ে ই টিভি ভাৰতক জনায় যে, এইবাৰ চাহ বাগিচাৰ লগতে জনগোষ্ঠীটোৰ ভোটাৰে বিবেক ভোট প্ৰদান কৰিছে ৷ উন্নয়ন আৰু লগতে সাম্প্ৰতিক প্ৰেক্ষাপটত নিজৰ ভূমিকা গ্ৰহণ কৰিছে বিশেষকৈ লখিমপুৰ লোকসভা সমষ্টিত ৷ তেওঁ কয় যে চাহ বাগিচাৰ ভোট এইবাৰ ঠায়ে ঠায়ে বিভাজনো হৈছে ৷ কিন্তু এইবাৰ চাহ শ্ৰমিকৰ মাজত আদৰ্শ বিদ্যালয় স্থাপনৰ যোগেদি অসম চৰকাৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷ আনহাতে কংগ্ৰেছে নিজাববীয়াকৈ ৰাজ্যৰ 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক এক যাত্ৰাও চলালে ৷ বিপৰীতে অসম চৰকাৰে চাহ বাগিচাত প্ৰথমবাৰৰ বাবে 100 খন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰি এক অভিলেখ গঢ়িছে ৷

আনহাতে শোণিতপুৰ লোকসভা সমষ্টিত শাসকীয় দল বিজেপিয়ে চাহ বাগিচাৰ তথা আদিবাসী ভোট গৰিষ্ঠ সংখ্যক লাভ কৰা বুলি বাগিচাৰ একাংশ শ্ৰমিকৰ পৰা জানিবলৈ পৰা গৈছে ৷ শোণিতপুৰ লোকসভা সমষ্টিত প্ৰায় 55 খন চাহ বাগিচা আছে ৷ শোণিতপুৰ লোকসভাত 6.60 লাখ চাহ বাগিচাৰ ভোটাৰ আছে ৷ চাহ জনগোষ্ঠীয় সংগঠনৰ তথ্যমতে ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা সমষ্টিত থকা চাহ বাগিচাৰ ভোটাৰ সংখ্যা হ’ল- ৰঙাপৰা সমষ্টিত প্ৰায় 1,47,000 , ঢেকীয়াজুলি সমষ্টিত 78,000, নদুৱাৰ 35,000, তেজপুৰ সমষ্টিৰ 18,000 আৰু বৰচলা সমষ্টিত 40,000 চাহ বাগিচাৰ ভোটাৰ আছে ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড়ত 178 খন, তিনিচুকীয়াত 123 খন চাহ বাগিচাৰ বিপৰীতে যোৰহাটত 135 খন চাহ বাগিচা আছে ৷ ডিব্ৰুগড়ত মুঠ চাহ জনগোষ্ঠীয় ভোটাৰ সংখ্যা প্ৰথম স্থানত ৷ আনহাতে যোৰহাটত চাহ জনগোষ্টীয় লোকৰ সংখ্যা দ্বিতীয় স্থানত আছে ৷ আনহাতে লখিমপুৰ জিলাত 9 খন চাহ বাগিচাৰ থকাৰ বিপৰীতে লোকসভা সমষ্টিটোত প্ৰায় 2 লাখ চাহ জনগোষ্ঠীয় ভোটাৰ আছে আৰু ইয়াৰ ভিতৰত একমাত্ৰ লখিমপুৰ জিলাতে প্ৰায় 1 লাখ ভোটাৰ আছে বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড় লোকসভাত চাহ বাগিচাৰ ভোট 7.40 লাখ থকাৰ বিপৰীতে যোৰহাট লোকসভাত প্ৰায় 3 লাখ ভোটাৰ আছে ৷ ডিব্ৰুগড় আৰু যোৰহাট দুয়োটা সমষ্টিত চাহ বাগিচাৰ ভোটাৰে নিজৰ বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰা বুলি মন্তব্য কৰিছে আটছাৰ আন এগৰাকী সহকাৰী সাধাৰণ সম্পাদক লিজাৰ নন্দই ৷ লক্ষণীয় যে চাহ জনগোষ্ঠী প্ৰধান যোৰহাট লোকসভা সমষ্টিত এইবাৰ জনগোষ্টীটোৰ কোনো দলৰেই প্ৰাৰ্থী নাই ৷ আনহাতে শোণিতপুৰ, ডিব্ৰুগড় আৰু কাজিৰঙা সমষ্টিত এগৰাকীকৈ প্ৰাৰ্থী আছে ৷ শোণিতপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু হ’ল চাহ জনগোষ্ঠীৰ লোক ৷ বিপৰীতে কাজিৰঙা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৰাকী হ’ল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা গৰিষ্ঠ সমষ্টি ডিব্ৰুগড়ত আপৰ হৈ নিৰ্বাচনৰ প্ৰাৰ্থী হ’ল মনোজ ধানোৱাৰ ৷

কাজিৰঙা সমষ্টিৰ গোলাঘাট জিলা আৰু কলিয়াবৰতো ভালে সংখ্যক চাহ বাগিচাৰ ভোটাৰ আছে ৷ এই সমষ্টিতো নিৰ্ণায়ক ভূমিকা গ্ৰহণ নকৰিলেও যে চাহ বাগিচাৰ ভোটাৰে এইবাৰৰ নিৰ্বাচনত ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চিত ৷ অলপতে মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম ভ্ৰমণৰ সময়ত কাজিৰঙাৰ হাটীখুলি চাহ বাগিচাত প্ৰৱেশ কৰি এক প্ৰকাৰ চাহ বাগিচাৰ লোকসকলক আকৰ্ষিত কৰা দেখা গল ৷ তেওঁ অসমলৈ অহা পৰ্যটকক চাহ বাগিচা ভ্ৰমণ কৰিবলৈও আহ্বান জনাইছিল ৷

মূলত 19 তাৰিখে নিৰ্বাচন হৈ যোৱা ডিব্ৰুগড়, যোৰহাট আৰু শোণিতপুৰ— এই তিনিটা সমষ্টিত বিশেষ ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীয় লোকসকলে ৷ এই নিৰ্বাচনত চাহ বাগিচাৰ তথা চাহ জনগোষ্ঠীৰ লোকে গ্ৰহণ কৰা ভূমিকা এক লক্ষণীয় বিষয় হ’ব বুলি ধাৰণা কৰিব পাৰি ৷

লগতে পঢ়ক :তৃতীয় পর্যায়ৰ নির্বাচনৰ 4 সমষ্টিৰ বাবে ৬০ গৰাকী প্রার্থীৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details