ETV Bharat / politics

কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮% - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 10:51 AM IST

behali constituency records low voter turnout of 58% in Phase 1 of LS polls
কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮%

Lok sabha Election 2024 : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদাতাৰ হাৰ হ্ৰাস বিহালী সমষ্টিত ৷ কিহৰ ক্ষোভত গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰতি অৱহেলা বিহালীবাসীৰ মনত ৷ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

বিশ্বনাথ, 20 এপ্ৰিল: শুকুৰবাৰে দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমৰো পাঁচখনকৈ ৰাজ্যত অনুষ্ঠিত হৈ যায় 18 সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । সমগ্র দেশতেই 102 টা সমষ্টিত অনুষ্ঠিত হৈছে এই প্ৰথম পৰ্যায়ৰ ভোটদান ।

behali constituency records low voter turnout of 58% in Phase 1 of LS polls
কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮%

কালি পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 5 টা সংসদীয় সমষ্টিত আৰম্ভ হৈছিল ভোটদান । এই 5 টা সংসদীয় সমষ্টিৰ ভিতৰত 11 নং শোণিতপুৰ লোকসভা সংসদীয় সমষ্টিত বিগত নিৰ্বাচনৰ তুলনাত কম সংখ্যক ভোটাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । 11 নং সংসদীয় সমষ্টিটোৰ 9 টা বিধানসভা সমষ্টিৰ তুলনাত আটাইতকৈ কম সংখ্যক লোকে শুকুৰবাৰে ভোটদান কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত ।

behali constituency records low voter turnout of 58% in Phase 1 of LS polls
কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮%

ইটিভি ভাৰত অসমে ৰাইজৰ মতামতৰ ভিত্তিত চলোৱা এক তদন্তত পোহৰলৈ আহে যে কা-ৰ প্ৰতি থকা অসমবাসীৰ ক্ষোভৰ ফলস্বৰূপে ভোটাৰসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাই । সমান্তৰালভাৱে বিহালী সমষ্টিৰ চাহ বাগিচা অঞ্চলৰ অধিকাংশ লোক এইবাৰ ভোটদানত সহায় সহযোগিতা কৰা দেখা নগ’ল ।

আনহাতে, এই ভোটদানৰ হাৰ হ্ৰাস হোৱাৰ অন্য এক কাৰণ বিহালী সমষ্টিৰ বহু ভোটাৰ বহিঃৰাজ্যত কৰ্মৰত ৷ যাৰ ফলত ভোটাৰৰ হাৰ কমিছে বুলি ধাৰণা কৰা হৈছে । 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহালীত কেৱল মাত্ৰ 58% লোকেহে ভোটদান কৰে । সৰ্বাধিক ভোটত জয়ৰ আশা আছে বুলি প্ৰকাশ কৰা ৰঞ্জিত দত্তৰ নিজৰ সমষ্টিতে ভোটাৰৰ এই অৱনতি নিশ্চয়কৈ এক লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে ।

behali constituency records low voter turnout of 58% in Phase 1 of LS polls
কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮%

উল্লেখ কৰা প্ৰয়োজন যে, তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল সমষ্টিটোলৈ । ইয়াৰ পাচতো ভোটাৰৰ হাৰ হ্ৰাস হোৱা তথ্যই ৰাজনৈতিক মহলত লাভ কৰিছে বিশেষ চৰ্চা ৷ সমান্তৰালভাবে, দেশত গণতন্ত্ৰত আস্থা ৰখা নাগৰিকৰ সংখ্যা অৱনমিত হৈছে বুলিও ধাৰণা কৰা হৈছে ।

behali constituency records low voter turnout of 58% in Phase 1 of LS polls
কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮%

বিগত বৰ্ষৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে যদিও 2019 বৰ্ষৰ শোণিতপুৰ লোকসভা সমষ্টিটোত 79% ভোটদান হৈছিল যদিও এইবাৰ মাত্ৰ 69 শতাংশ । 155760 ভোটাৰ থকা সমষ্টিটোত 176 টা ভোটকেন্দ্ৰত শুকুৰবাৰে ভোটদান প্ৰক্ৰিয়া হৈছিল যদিও পূৰ্বৰ তুলনাত ভোটাৰ ৰাইজৰ সঁহাৰি অতি কম পৰিলক্ষিত হৈছে ।

সমষ্টিটোত সম্পূৰ্ণ ভোটদানৰ হাৰৰ তথ্য :

শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ভোটৰ হাৰ 69.84% ৷ ইয়াৰে

  • ঢেকীয়াজুলি 68.23%
  • বৰচল্লা 67.2%
  • তেজপুৰ 70 %
  • ৰঙাপাৰা 74.12%
  • নদুৱাৰ 73.82%
  • বিশ্বনাথ 71%
  • বিহালী 58%
  • গহপুৰ 78.11%
  • বিহপুৰীয়া 67%

লগতে পঢ়ক: পুলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ; ভুল স্বীকাৰ বিষয়াৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.