ETV Bharat / politics

পোলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ; ভুল স্বীকাৰ বিষয়াৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 7:16 AM IST

Updated : Apr 20, 2024, 9:12 AM IST

heated situation in tingkhang against the polling officer on charges of EVM fraud
পুলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ; ভুল স্বীকাৰ বিষয়াৰ

Election violence in assam : টিংখাং সমষ্টিৰ 54 নং বনফুল হাইস্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ৷ পোলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগত স্থানীয় শতাধিক ৰাইজৰ প্ৰতিবাদ ৷ ইভিএম নিয়াত বাধা প্ৰতিবাদী ৰাইজৰ ৷ ভুল স্বীকাৰ ভোটকেন্দ্ৰটোত নিয়োজিত বিষয়ববীয়াৰ ৷

পুলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ; ভুল স্বীকাৰ বিষয়াৰ

মৰাণ, 20 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ 54 নং বনফুল হাইস্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ৷ পোলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ স্থানীয় লোকৰ ৷ ইভিএম নিয়াত বাধা প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৰাজ্যৰ 5 টা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ৷ ইয়াৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি ৷ ডিব্ৰুগড় নিৰ্বাচনী জিলাত মুঠ 1211 টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় ভোটদান । ইয়াৰে 87 নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হ'ল 205 টা ।

88 নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 220 টা । 89 নং খোৱাং বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 188 টা । 90 নং দুলীয়াজান বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 201 টা । 91 নং টিংখাং বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 206 টা আৰু 92 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 191 টা ।

নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল এই ভোটকেন্দ্ৰবোৰত । ইয়াৰ মাজতেই টিংখাং সমষ্টিৰ 54 নং বনফুল হাইস্কুল ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পুলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগত স্থানীয় শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি ইভিএম নিয়াতো বাধা প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী, অৰ্দ্ধসামৰিক বাহিনীৰ দল মোতায়েন কৰা হৈছে । অভিযোগ অনুসৰি পুলিং বিষয়াগৰাকীয়ে ইভিএমত থকা প্ৰাৰ্থীৰ ভোট প্ৰদানৰ নিৰ্দিষ্ট তালিকাখন কৌশল অৱলম্বন কৰি ওলোটা কৰি ৰাখিছিল । ভোটদানৰ শেষত এই কথা পোহৰলৈ আহিছে বুলি জানিবলৈ দিছে ৰাইজে ।

ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজাপ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । সমগ্ৰ ঘটনাৰ বাবে শাসকীয় বিজেপি দলক জগৰীয়া কৰাৰ লগতে ঘটনা সন্দৰ্ভত জিলা উপাযুক্তৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ কৰে বুলি জানিবলৈ দিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালভাৱে ভোটকেন্দ্ৰটোত নিয়োজিত বিষয়ববীয়াসকলেও এই ভুল ৰাইজৰ আগত স্বীকাৰ কৰিছে বুলি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বঢ়মপুৰৰ শালপাৰাত নিৰ্বাচনী হিংসা - Lok Sabha Election 2024

Last Updated :Apr 20, 2024, 9:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.