ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বঢ়মপুৰৰ শালপাৰাত নিৰ্বাচনী হিংসা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 5:06 PM IST

POLITICAL VIOLENCE IN BARHAMPUR
কাজিৰঙা লোকসভা সমষ্টিৰ অধীনৰ শালপাৰাত নিৰ্বাচনী হিংসা

ভোটগ্ৰহণ কেন্দ্ৰত দুই দলৰ এজেণ্টৰ মাৰপিটক লৈ সৃষ্টি হয় উত্তেজনাৰ ৷ কংগ্ৰেছ আৰু বিজেপি দলৰ এজেণ্টৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত

দুই দলৰ মাৰপিটক লৈ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা

নগাঁও\জোনাই\যোৰহাট, 19 এপ্ৰিল : ৰাজ্যৰ পাঁচটা সমষ্টিত আজি অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ অধীনৰ শালপাৰাত নিৰ্বাচনী হিংসা ৷ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ ৰূপহীহাটৰ শালপাৰাৰ এটা ভোটকেন্দ্ৰত দুই দলৰ এজেণ্টৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷

ভোটকেন্দ্ৰটোত পুৱা 7 বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় যদিও ভোটগ্ৰহণ চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু বিজেপি দলৰ এজেণ্টৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ফলত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত শালপাৰাৰ ভোটগ্ৰহণ কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

পূব শালপাৰা বালিকা বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত দুই দলৰ এজেণ্টৰ মাৰপিটক লৈ সৃষ্টি হয় উত্তেজনাৰ ৷ অৱশ্যে লগে লগেই ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

ইফালে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈছে যদিও ঠায়ে ঠায়ে EVM বিকল হৈ পৰাৰ বাবে ভোটগ্ৰহণত ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে ৷ 80 নং জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ ভোট কেন্দ্ৰত পুৱাই বিকল হৈ পৰে EVM ৷ EVM বিকল হৈ পৰাত ভোটকেন্দ্ৰ কেইটাত কেইবা ঘন্টা পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ ৷

ইয়াৰে ৮ নং বাহিৰ চিলে ভোট কেন্দ্ৰত EVM বিকল হোৱাত প্ৰায় এঘন্টা পলমকৈ, 44 নং কাৰ্দ্দচুক প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত তিনি ঘন্টা, 67 নং অমৰপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয় ভোট কেন্দ্ৰত ডেৰঘন্টা আৰু 34 নং ৰায়াং কুলি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত প্ৰায় এঘন্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় বুলি জানিব পৰা গৈছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত মহকুমা প্ৰশাসনৰ তৎপৰতাত ভোটিং মেচিনসমূহ মেৰামতি কৰি সুকলমে আৰম্ভ হয় ভোটগ্ৰহণ ৷

আনহাতে 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 101 নং মৰিয়নী বিধানসভা সমষ্টিত সৰ্বমুঠ 195 টা কেন্দ্ৰত ভোটগ্ৰহণ চলি আছে ৷ তাৰ মাজতেই মৰিয়নীৰ 106 নং টেঙাবাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল হৈ পৰা বুলি জানিব পৰা গৈছে ৷ কেন্দ্ৰটোত প্ৰায় এঘণ্টা ধৰি বিকল হৈ থাকে EVM ৷

লগতে পঢ়ক : ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি - EVM Malfunctions In State

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.