ETV Bharat / politics

ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি - EVM malfunctions in state

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 12:38 PM IST

LOK SABHA ELECTION 2024
ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি

LOK SABHA ELECTION 2024 : আজি ৰাজ্যজুৰি সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন ঠাইত EVM ৰ বিসংগতি ধৰা পৰিছে ৷

ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি

নিউজ ডেস্ক, 19 এপ্ৰিল : আজি ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ মাজতে ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি ঘটাৰ খবৰ পোহৰলৈ আহিছে ৷

আজি লামডিং হৰলংফাৰ এম ই স্কুল 253 নম্বৰ ভোট কেন্দ্ৰত পুৱাৰ ভাগত এক অঘটন সংঘটিত হয় ৷ ভোট কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়াগৰাকী উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ ষ্ট্ৰ’ক হোৱাত প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া ।

ইফালে যোৰহাট জিলাৰ মৰিয়নীত EVM বিসংগতিৰ ঘটনা পোহৰলৈ আহিছে ৷ মৰিয়নী নগৰ ৰে’লৱে বেংগলী এল পি 185 নং ভোটগ্ৰহণ কেন্দ্ৰত EVM আৰু মৰিয়নী হাইস্কুলৰ 178 নং ভোটগ্ৰহণ কেন্দ্ৰত EVM বিসংগতি হোৱাৰ বাবে ভোট গ্ৰহণত বিলম্ব হয় ৷ তাৰ পিচতে তিতাবৰ জিলা নিৰ্বাচন কাৰ্যালয়ৰ এটা দল দুয়োখন বিদ্যালয়ত উপস্থিত হয় ৷

আনহাতে মৰিয়নীৰ 106 টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে ইভিএম মেচিন । এঘণ্টা ধৰি বিকল হৈ আছিল EVM মেচিনটো ৷

ইফালে 10 নং লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ 44 নং ভোট গ্ৰহণ কেন্দ্ৰত EVM বিকল হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ফলত প্ৰায় আধা ঘণ্টা ধৰি বন্ধ হৈ আছিল ভোটগ্ৰহণ কেন্দ্ৰটো । নতুন EVM যোগান ধৰিছে যদিও বৰ্তমানলৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া ব্যাহত হৈ আছে ।

আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ 2 নং ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা বিকল হৈছে ইভিএম । ফলত ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰ ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে । পুৱাৰে পৰা শাৰী পাতিও ভোটদানৰ পৰা বঞ্চিত হৈছে ভোটাৰ ৷ ইতিমধ্যে কেন্দ্ৰটোত শীৰ্ষ পৰ্যায়ৰ নিৰ্বাচনী বিষয়া ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰিছে ।

ইয়াৰোপৰি, মাজুলীৰ ৩৭ নং যোৰবিল বনিয়া প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্রত EVM বিকল হয় । ফলত এক ঘন্টা পলমকৈ ভোট গ্ৰহণ আৰম্ভ হৈছে । পুনৰ নতুন EVM দিয়াৰ পাচত ভোট গ্ৰহণ আৰম্ভ হৈছে ।

ইফালে বাহঁপৰা এল পি স্কুলৰ 61 নং ভোট কেন্দ্ৰতো ইভিএম বিকল হৈ আছিল । ফলত 1 ঘন্টা 15 মিনিট পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক: ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ চমু আভাষ, তিনিগৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয় - Lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.