ETV Bharat / politics

তৃতীয় পর্যায়ৰ নির্বাচনৰ 4 সমষ্টিৰ বাবে ৬০ গৰাকী প্রার্থীৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:11 PM IST

তৃতীয় পর্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিওটা লোকসভা সমষ্টিৰ বাবে অন্তিমটো দিনত সৰ্বমুঠ 30 গৰাকী প্ৰার্থীয়ে মনোনয়ন দাখিল কৰে ৷ তৃতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ সংখ্য়া হ'ল 60 গৰাকী ৷

3RD PHASE OF LS POLLS IN ASSAM
তৃতীয় পর্যায়ৰ নির্বাচনৰ ৬০ গৰাকীৰ মনোনয়ন দাখিল

গুৱাহাটী, 19 এপ্ৰিল : আজি ৰাজ্যত প্ৰথম পৰ্যায়ত 5 টা সমষ্টিত অনুষ্ঠিত হ’ল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ আনহাতে আজি আছিল 7 মে’ত অনুষ্ঠিত হ’বলগীয়া 4 টা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৷ এই তৃতীয় পর্যায়ৰ ভোটগ্ৰহণৰ মনোনয়ন দাখিলপৰ্ব আজি সম্পূর্ণ হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তৃতীয় পর্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিওটা লোকসভা সমষ্টিৰ বাবে আজি অন্তিমটো দিনত সৰ্বমুঠ 30 গৰাকী প্ৰার্থীয়ে মনোনয়ন দাখিল কৰে ৷ কোকৰাঝাৰ সমষ্টিত 7 গৰাকী প্ৰাৰ্থী, ধুবুৰী সমষ্টিত 10 গৰাকী, বৰপেটা সমষ্টিত 1 গৰাকী আৰু গুৱাহাটী সমষ্টিত 4 গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷ আজি মনোনয়ন দাখিল কৰা 30 জন প্ৰাৰ্থীকে ধৰি তৃতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে সৰ্বমুঠ 60 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

7 মে’ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ সমষ্টি সমূহ- গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ ৷ উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ এই 4 টা সমষ্টিৰ বাবে 12 এপ্ৰিলত অধিসূচনা জাৰি হৈছিল আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল 19 এপ্ৰিল অৰ্থাৎ আজি ৷ আনহাতে 20 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব ৷ 22 এপ্ৰিল হৈছে তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৷

এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আছে কেবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থী ৷ তাৰ ভিতৰত ধুবুৰীত আছে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমল বনাম কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ দৃষ্টি নিৱদ্ধ আছে গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ-বিজেপিৰ দুই মহিলা প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধিৰ ওপৰত ৷ আনহাতে কোকৰাঝাৰ সমষ্টিত দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন খেলাত জনজাতিৰ প্ৰমাণপত্ৰ ভুৱা বুলি আদালতত প্ৰমাণ হোৱাৰ পিচত বাধা আহি পৰিছে ৷ তথাপিতো আজি মনোনয়ন দাখিল কৰে শৰণীয়াই ৷ নৱ কুমাৰ শৰণীয়াৰ মনোনয়নৰ কি হ’ব তাৰ বাবে তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 22 এপ্ৰিললৈ অপেক্ষা কৰিব লাগিব ৷

লগতে পঢ়ক : পৃথক ৰাজ্যৰ দাবী: নাগালেণ্ডৰ 6 খন জিলাৰ ৰাইজে ভোটেই নিদিলে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.