তপন গগৈয়ে গৌৰৱ গগৈক বিপুল ভোটত পৰাজিত কৰাৰ দাবী ভৱেশ কলিতাৰ - Lok Sabha Election 2024
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কেউখন আসনতে বিজেপি প্ৰাৰ্থী জয়ী হ’ব বুলি জানিব পাৰিছে ভৱেশ কলিতাই ৷ সংবাদমেল আয়োজন কৰি এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

Published : April 20, 2024 at 4:41 PM IST
গুৱাহাটী, ২০ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিপুল সংখ্যক ৰাইজে বি জে পিৰ সপক্ষে ভোটদান কৰা বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । অসম বিজেপিৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে সংবাদমেল সম্বোধন কৰি বি জে পিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰে যে শুকুৰাবাৰে অনুষ্ঠিত হোৱা ভোটদানত পাঁচোটা লোকসভা সমষ্টিতে বি জে পিৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয়লাভ কৰিব ।
যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সন্দৰ্ভত সোধা প্ৰশ্নোত্তৰত ভৱেশ কলিতাই কয়, ‘‘যোৰহাটত গৌৰৱ গগৈক বি জে পিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে বিপুল ভোটত পৰাজিত কৰি জয়ী হ’ব ৷ এয়া নিশ্চিতভাৱে আজি মই কৈ থ’লো ৷ বি জে পিৰ সভাপতিগৰাকীয়ে লগতে কয় পাঁচটা লোকসভা সমষ্টিৰ ভোটৰ সমীক্ষা আমাৰ ওচৰলৈ আহিছে । ইতিমধ্যে বি জে পিৰ প্ৰাৰ্থীয়ে পাঁচটা লোকসভা সমষ্টিতে বিপুলসংখ্যক ভোট লাভ কৰা বুলি আমাৰ সমীক্ষাত আহিছে ।’’ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত কৰাৰ বাবে জনতা হিলদল ভাঙি ওলাই আহিছে ৷
উল্লেখ্য যে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৫.৯৫ শতাংশ ভোটদান সম্পন্ন হয় । যোৰহাট সংসদীয় সমষ্টিত সৰ্বাধিক ভোটদান হোৱাৰ বিপৰীতে লখিমপুৰ সমষ্টিত সৰ্বনিম্ন ভোটদান হয় । ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে সদৰী কৰা তথ্য মতে কাজিৰঙাত ৭৫.৭৯ শতাংশ, শোণিতপুৰত ৭৪.৮১ শতাংশ , লখিমপুৰত ৭২.৬৫ শতাংশ, ডিব্ৰুগড়ত ৭৬.৭৪ শতাংশ আৰু যোৰহাটত ৭৯.৪৮ শতাংশ ভোটদান সম্পন্ন হয় ।
উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে আজি কংগ্ৰেছ দলৰ প্ৰায় 200 কৰ্মীয়ে বিজেপিত যোগদান কৰে গুৱাহাটীস্থ বিজেপি কাৰ্যালয়ত ৷
লগতে পঢ়ক: বৰাকত মুখ্যমন্ত্ৰী : পৰিমল শুক্লবৈদ্যৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ

