অসম

assam

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু উপ-নিৰ্বাচনৰ প্ৰসংগ : দোমোজাত ৰাজ্যৰ নিৰ্বাচন বিভাগ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 10:08 PM IST

লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে আঠগৰাকীকৈ বিধায়ক। উপ নিৰ্বাচন হ'লে কিহৰ ভিত্তিত হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সলনি হ'ল সমষ্টিৰ ৰূপৰেখা। উপ নিৰ্বাচন হ'ব লাগিলে নতুন সমষ্টিৰ ভিত্তিত হ'ব নে পুৰণি সমষ্টিৰ ভিত্তিত হ'ব সেই লৈ কোনো নির্দেশনা নির্বাচন আয়োগৰ পৰা লাভ কৰা নাই ৰাজ্যৰ নিৰ্বাচন বিভাগে।

ASSAM CONSTITUENCY DELIMITATION
দোমোজাত আছে ৰাজ্যৰ নিৰ্বাচন বিভাগ

গুৱাহাটী, 14 এপ্ৰিল : এইবাৰৰ লোকসভা নিৰ্বাচনত কেইবাগৰাকী বিধায়ক অৱতীৰ্ণ হৈছে ৷ এই বিধায়ক সকল জয়ী হ'লে সেই বিধানসভা সমষ্টি সমূহত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ সেয়া গতানুগতিক কথা ৷ কিন্তু এইবাৰ পৰিস্থিতি পূৰ্বৰ দৰে নহয় ৷ উপ -নিৰ্বাচন অনুষ্ঠিত হ'লে যথেষ্ট জটিলতাৰ সৃষ্টি হ'ব ৷ আনকি বিধানসভাৰ উপ-নিৰ্বাচনক লৈ দোমোজাত আছে ৰাজ্যৰ নিৰ্বাচন বিভাগ ৷ বিধানসভাৰ আসন খালী হ'লে কিহৰ ভিত্তিত হ'ব উপ-নিৰ্বাচন ৷ ইয়‍াৰ কাৰণ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ ৷

উপ-নিৰ্বাচন হ'ব লাগিলে নতুন সমষ্টিৰ ভিত্তিত হ'ব নে পুৰণি সমষ্টিৰ ভিত্তিত হ'ব সেই লৈ কোনো নিৰ্দেশনা নিৰ্বাচন আয়োগৰ পৰা ৰাজ্যৰ নিৰ্বাচন বিভাগে লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি যে এক বিতৰ্কৰ সূচনা হ'ব সেই কথা এক প্ৰকাৰ খাটাং হৈ পৰিছে ৷ বৰ্তমান সময়ত সকলো লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ থকাত বিষয়টো বেছিকৈ চৰ্চালৈ অহা নাই ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে বিষয়টো নিশ্চিতভাৱে চৰ্চালৈ আহিব ৷

উল্লেখ যে বৰ্তমানৰ 8 গৰাকীকৈ বিধায়কে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ পুৰণি ঢলাই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ সেইদৰে বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ সৰভোগৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও বৰপেটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ আনহাতে বিহালীৰ শাসকীয় দলৰ বিধায়ক ৰঞ্জিত দত্তই শোণিতপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিছে ৷ ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে নগাঁৱৰ পৰা অৱতীৰ্ণ হৈছে ৷ কলাইগাঁৱৰ বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে দৰং-ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ আনহাতে চামগুৰিৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সকলৰ মাজৰ পৰা যিসকল নিৰ্বাচিত হ'ব, তেওঁলোকৰ বিধানসভা সমষ্টিত নিৰ্বাচন আয়োগে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷ কাৰণ বিধানসভাৰ কাৰ্যকাল অন্ত পৰিবলৈ এতিয়াও প্ৰায় আঢ়ৈটা বছৰ বাকী আছে ৷ তেনেস্থলত বিধানসভাৰ উপ-নিৰ্বাচন হ'লে পুৰণি সমষ্টি অনুসৰি হ'ব নে নতুন সমষ্টি অনুসৰি হ'ব, এয়া এক ডাঙৰ প্ৰশ্ন ৷ এই প্ৰশ্নৰ উত্তৰ এতিয়া ৰাজ্যিক নিৰ্বাচন বিভাগৰ ওচৰত নাই ৷ ৰাজ্যিক নিৰ্বাচন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে দেশৰ নিৰ্বাচন আয়োগৰ পৰা সম্ভাব্য উপ-নিৰ্বাচন সন্দৰ্ভত কোনো নিৰ্দেশনা লাভ কৰা নাই ৷

উল্লেখ্য যে বৰ্তমানৰ বিধায়ক সকলে পুৰণি সমষ্টিৰ পৰাহে প্ৰতিনিধিত্ব কৰিছে ৷ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নতুন বিধানসভাৰ সমষ্টিক লৈ গঠিত হোৱা লোকসভাৰ সমষ্টিৰ ভিত্তিত ৷ তেনেস্থলত সম্ভাব্য উপ-নিৰ্বাচনত বিধায়কজনে পুৰণি সমষ্টিক প্ৰতিনিধিত্ব কৰিব নে নতুনকৈ গঠন হোৱা সমষ্টিক প্ৰতিনিধিত্ব কৰিব, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত পুৰণি সকলো সমষ্টিৰ সীমাসমূহৰ ব্যাপক সালসলনি হৈছে ৷ পুৰণি কোনো সমষ্টিত থকা বহু এলেকা পুনৰ গঠিত আন সমষ্টিত অন্তৰ্ভূক্ত হৈছে ৷ যাৰ ফলত নতুনকৈ গঠন কৰা বিধানসভা সমষ্টিৰ ভিত্তিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'লে কোনো কোনো এলেকাত দুজনকৈ বিধায়কে প্ৰতিনিধিত্ব কৰিব লাগিব ৷ কাৰণ বৰ্তমান থকা বিধায়ক সকলে পুৰণি সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে ৷ তদুপৰি নতুন সমষ্টিৰ ভিত্তিত বিধানসভাৰ খালী হ'বলগীয়া আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ'লে সমষ্টি সমূহৰ নামো সলনি হ'ব ৷ অৱশ্যে পুৰণি সমষ্টিৰ ভিত্তিত হ'লে বিশেষ কোনো সমস্যাৰ সৃষ্টি নহয় ৷ উপ-নিৰ্বাচন হ'লে কিদৰে কৰা হ'ব সেয়া সময়তহে জানিব পৰা যাব ৷

লগতে পঢ়ক :কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ? - BJP Manifesto

ABOUT THE AUTHOR

...view details