ৰঙিয়াত ব্ৰাউন চুগাৰসহ দুজনক আটক

By

Published : Apr 25, 2022, 2:13 PM IST

thumbnail

ৰঙিয়াত লক্ষাধিক টকা মূল্যৰ ব্ৰাউন চুগাৰ সহ দুজনক আটক(Two person detained in Rangia with brown sugar) ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ৰঙিয়াৰ পূৱ সাহানৰ চাদ্দাম আলী আৰু নকুলৰ ফাৰুল হক নামৰ দুজন ব্যক্তিক ৷ ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি 31 নং ৰাষ্ট্ৰীয় ঘাইপথ(31 National Highway near Rangia)ৰ সমীপৰ গোপাল নগৰৰ পৰা হাতে-লোটে কৰায়ত্ত কৰে চাদ্দাম আলী আৰু ফাৰুল হকক ৷ দুয়োজনে ৰঙিয়াৰে এক স্থানত ব্ৰাউন চুগাৰ(Drugs seized at Rangia)খিনি বিক্ৰী কৰিবলৈ গৈ আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ ধৃত ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় 30 টাকৈ কণ্টেইনাৰত 10.11 গ্ৰাম ব্ৰাউন চুগাৰ আৰু দুটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে ৰঙিয়া থানাত ৰাখি আটকাধীন ব্যক্তি দুজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.