Ganja seized in Bongaigaon: বঙাইগাঁৱত নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান

By

Published : Feb 4, 2022, 8:09 PM IST

thumbnail

বঙাইগাঁৱৰ ৫ নং ভাণ্ডাৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Huge amount of ganja seized)। সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো উদ্বেগজনক ভাৱে গাঞ্জাৰ প্ৰতি আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ সুযোগ লৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰি গাঞ্জাৰ ব্যৱসায় চলাই আছে একাংশই । ইয়াৰে একাংশই আৰক্ষীৰ চকুত ধুলি দি নিজৰ ঘৰতেই কৰি আহিছে গাঞ্জাৰ খেতি । শুকুৰবাৰে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫নং ভাণ্ডাৰাত মাণিকপুৰ আৰু গেৰুকাবাৰী আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । ৫নং ভাণ্ডাৰাৰ জহিৰুল ইছলামে দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায় চলাই অহাৰ লগতে ঘৰতেই গাঞ্জা খেতি কৰি আহিছিল । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৫৪ কেজি কেচা আৰু ৩.৪০০ কেজি শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই জহিৰুল ইছলামে পলায়ন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.