ETV Bharat / state

লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনে হেৰুৱালে প্ৰাণ - Man Elephant Conflict

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 6:52 PM IST

Elephant terror in Assam :ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত । গোৱালপাৰা জিলাৰ কিছু প্ৰান্ততো এই সংঘাত অব্য়াহত থকাৰ মাজতেই অঘটন ।

Elephant terror in Goalpara
হাতী-মানুহৰ সংঘাত অব্যাহত (ETV BHARAT ASSAM)

গোৱালপাৰা, ২৬ মে' : গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্য়হস্তীৰ উপদ্ৰৱ । ইয়াৰ মাজতেই জিলাখনৰ লক্ষীপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ । যোৱা নিশা লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰু লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ কুৰ্শাপাকৰি গাঁৱৰ আব্দুল মালেক (৫৩) নামৰ লোকজনে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে । স্থানীয় লোকে এই প্ৰসংগত কয় যে ৰাইজে সন্ধিয়া বনৰীয়া হাতীৰ জাকটোক আগিয়া-লক্ষীপুৰ সংযোগী পথত ৰৈ থকা প্ৰত্যক্ষ কৰে । হাতীৰ জাকটো যাতে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গাঁওখনৰ ৰাইজে যাঠী, জোং লৈ কুমাৰখালি বনাঞ্চলৰ পিনে খেদি পঠিয়ায় ।

হাতী-মানুহৰ সংঘাত অব্যাহত (ETV BHARAT ASSAM)

এই জাকটোৰ পৰা দুটা হাতীয়ে ফালৰি কাটি গাঁওখনত প্ৰৱেশ কৰে । নিশা ঘৰলৈ ওভতাৰ পথত কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ কাষত ৰৈ থকা বনৰীয়া হাতী দুটাৰ মুখামুখি হয় লোকজন । বনৰীয়া হাতী দেখি ভয়তে লোকজনে দৌৰি পলাবলৈ চেষ্টা কৰে যদিও ৰাস্তাৰ কাষতে পিছলি পৰে। সেই সময়তেই হাতীয়ে লোকজনক আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় । ৰাইজে লোকজনৰ চিঞৰ-বাখৰ শুনি ওলাই আহি হাতী দুটা বনাঞ্চললৈ খেদি পঠিয়াই যদিও লোকজনৰ মৃত্যু হয় ।

ইয়াৰ পিচতেই ৰাইজে এই ঘটনাৰ বিষয়ে লক্ষীপুৰ আঞ্চলিক বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আৰু লক্ষীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি লক্ষীপুৰ থানালৈ আনে । আজি পুৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পৰিয়ালৰ একমাত্র উপার্জনকাৰী আছিল আব্দুল মালেক । তেওঁৰ আকস্মিক মৃত্যুত ভাগি পৰিছে পৰিয়ালৰ লোকসকল । উল্লেখ্য় যে বিগত কেইবাদিন ধৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি বৃহৎ হাতীৰ জাকটোৱে লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই আহিছে । অতি শীঘ্রেই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ ৰাইজে বন বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক:পথাৰলৈ যাওঁতেই বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু বৃদ্ধৰ - Man Elephant Conflict

নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - Wild Elephant Attack

শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.