মিছামাৰীত বেলশিৰি নৈৰ ব্যাপক খহনীয়া: সৰ্বস্বান্ত কেইবাটাও পৰিয়াল

By

Published : Jun 20, 2022, 4:45 PM IST

thumbnail

শোণিতপুৰ জিলাৰ মিছমাৰী মেজেংজুলি গাঁৱত বেলশিৰি নৈয়ে সৃষ্টি কৰিছে ব্যাপক খহনীয়া(Embankment erosion at Misamari) । ইতিমধ্যে নৈখনৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ মাটি-ভেটি(Flood in Sonitpur) । ফেনে-ফুটুকাৰে বাঢ়ি অহা বেলশিৰি নৈখনে প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি কৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মেজেংজুলি গাঁৱৰ নিৱাসী বিনোদ চাণ্ডিল, দুৰ্লভ কিচান, মনোজ তাঁতী, জেমজ হৰ', বিলিয়াম চাংগাৰ মাটি-ভেটি নৈৰ বুকুত ইতিমধ্যে জাহ গৈছে । প্ৰাণৰ মমতাত বহুলোকে সেই স্থান এৰি অন্য স্থানলৈ ঢাপলি মেলিছে ৷ ইফালে, বানত সৰ্বস্বান্ত হৈ পৰা পৰিয়ালকেইটিয়ে চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰো সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.