ড্ৰাগছ কিনি ৰাইজৰ ৰোষত পৰিল এজন যুৱক

By

Published : May 30, 2021, 4:34 PM IST

thumbnail

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ সমীপৰ শিমলুগুৰিৰ পৰা ড্ৰাগছ কিনি লৈ আহি থকা অৱস্থাতে ৰাইজৰ ৰোষত পৰিল জিয়াৰুল হক নামৰ ড্ৰাগছ আসক্ত যুৱকজন । শিমলুগুৰিৰ এঘৰ মানুহৰ পৰা যুৱকজনে ড্ৰাগছ কিনি লৈ আহি থাকোতে ৰাইজৰ সন্দেহ হোৱাত আদবাটতে যুৱকজনক সোধপোছ কৰা উৰহী গছৰ ওৰ উলাই পৰে ৷ ইয়াৰ পাচতে ৰাইজে হয়বৰগাঁও আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈ যুৱকজনক কৰায়ত্ব কৰে ৷ উল্লেখ্য যে, যুৱকজনৰ পৰা ড্ৰাগছৰ লগতে চিৰিঞ্জো উদ্ধাৰ কৰা হয় । আটকাধীন যুৱকজনৰ ঘৰ ডুমডুমীয়াত বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.