প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ

By

Published : Oct 7, 2022, 8:20 PM IST

thumbnail

ৰূপহীহাটত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ (Rampant corruption in PMAY House) । PMAY গৃহৰ নামত কমিচন বিচাৰি হিতাধিকাৰীক ফোন যোগে ভাবুকি প্ৰদানৰ অভিযোগ । ৰূপহীহাটৰ ফুটালজাৰ গাঁও পঞ্চায়তত গৃহৰ নামত একাংশই চলাই আছে অবাধ দুৰ্নীতি । PMAY গৃহৰ নামত কমিচন বিচাৰি ফোন যোগে ৩নং ৱাৰ্ড সদস্যৰ স্বামী আশ্ৰব আলীয়ে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰে হিতাধিকাৰীয়ে (Threat to find commission for PMAY house) । চৰকাৰী ঘৰৰ কমিচন নিদিয়াৰ বাবে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ আশ্ৰব আলীৰ বিৰুদ্ধে । ৱাৰ্ড সদস্যাৰ স্বামী হোৱাৰ বাবেই মূৰৰ কামোৰণি হৈ পৰিছে গাঁৱৰ ৰাইজৰ । মহিলাক অশ্লীল গালি-গালাজ পৰা আশ্ৰব আলীৰ বিৰুদ্ধে গৰাজান আৰক্ষী পহৰা চকীত গোচৰ তৰিছে ভুক্তভোগী হিতাধিকাৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.