বাঢ়নী পানীত পৰি ধুবুৰীত দুবছৰীয়া শিশুৰ মৃত্যু

By

Published : Jun 24, 2022, 9:23 PM IST

thumbnail

বানৰ মাজতে ধুবুৰীত আকৌ অঘটন ৷ খেলি থাকোতেই হঠাৎ বাঢ়নী পানীত পৰি মৃত্যু হয় দুবছৰীয়া এটি শিশু (Child dies after falling into the water in Dhubri) ৷ ঘটনাৰ বিৱৰণি অনুসৰি, ধুবুৰীৰ গৌৰীপুৰৰ নৈ পৰীয়া এলেকাৰ ছাজুৱাৰকুটী গাঁৱৰ বাসিন্দা আবেদ আলীৰ পত্নীয়ে তেওঁলোকৰ 2বছৰীয়া কন্যা সন্তানটিক লৈ খৰি কাটি আছিল ৷ তেনে সময়ত হঠাৎ মাকৰ কাষৰ পৰা নাইকীয়া হয় শিশুটি ৷ বহু সময় বিচাৰ-খোঁচাৰ কৰাৰ অন্তত পানীৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিক ৷ ইয়াৰ পাছতে ততাতৈয়াকৈ শিশুটিক চিকিৎসাৰ বাবে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে (Child death in Dhubri) ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটিক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া পৰিছে শোকৰ ছাঁ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.