Suspicious suicide at DU: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

By

Published : Dec 21, 2021, 10:21 PM IST

thumbnail

পুনৰ বিতর্কত উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় । মঙলবাৰে ছাত্ৰীৰ ৰহস্যজনক মৃত্যু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Suspicious suicide at Dibrugarh University) । চিপ লাগি থকা অৱস্থাত নিজৰ কোঠালিতে উদ্ধাৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ (A student of Dibrugarh University was found dead in her hostel)। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ পুৰণি আইদেউ সন্দিকৈ ছাত্ৰী নিৱাসৰ আৱাসী আছিল আত্মহত্যা কৰা ছাত্ৰীগৰাকী (a student at Dibrugarh University dies by suicide) । দৰ্শন বিভাগৰ প্ৰথম বিভাগৰ ছাত্ৰী গৰাকীৰ ঘৰ লখিমপুৰ বিহপুৰীয়াত । অৱশ্যে ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.