Constables being used as labourers : শীৰ্ষ বিষয়াৰ ব্যক্তিগত গৃহ নিৰ্মাণত নিয়োজিত আৰক্ষীৰ জোৱান

By

Published : Jan 31, 2022, 4:05 PM IST

thumbnail

কি চলিছে ৰাজ্যৰ আৰক্ষী বিভাগত ? য'ত এতিয়া থানা এৰি গৃহ নিৰ্মাণৰ কামত ব্যস্ত হ’ব লগা হৈছে আৰক্ষীৰ জোৱান ৷ যি সময়ত সৰ্বসাধাৰণ জনতাক নিৰাপত্তাৰ বাবে আৰক্ষীৰ অভাৱ, তেনে সময়তে একাংশ আৰক্ষী জোৱান নিয়োজিত হৈছে গৃহ নিৰ্মাণৰ কাৰ্যত(Police personnel used as labourers by senior officers) ৷ শীৰ্ষ বিষয়াই এই সকল জোৱানক এতিয়া ব্যৱহাৰ কৰিছে নিজৰ গৃহ নিৰ্মাণত(Constables being used as labourers)৷ এওঁলোকক ৰাইজৰ ধনেৰে দৰমহা দিয়ে চৰকাৰে, কিন্তু কাম কৰে শীৰ্ষ বিষয়াৰ ঘৰতহে ৷ এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত ৷ উইলন্টনস্থিত 19 APBN ৰ একাংশ জোৱানক এনেদৰে এটা ব্যক্তিগত গৃহ নিৰ্মাণৰ কামত লগোৱাৰ অভিযোগ উঠিছে ৷ 19 APBNৰ কোন বিষয়াৰ ছত্ৰছায়াত লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত এনেদৰে আৰক্ষীৰ একাংশ জোৱানক ব্যক্তিগত গৃহ নিৰ্মাণৰ কামত নিয়োজিত কৰিছে তাক লৈ সম্প্ৰতি লাহোৱালত তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে । শীঘ্ৰেই উক্ত ঘটনা তদন্ত কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগক লাহোৱালৰ বিভিন্ন দল-সংগঠনৰ লগতে ডিব্ৰুগড় জিলাৰ বৃহত্তৰ অসমীয়া মহিলা মঞ্চই দাবী তুলিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.