অসম চিকিৎসা মহাবিদ্যালয়ত এমাহ সাত দিনীয়া শিশুৰ ক’ভিডত মৃত্যু

By

Published : Jun 2, 2021, 8:45 PM IST

thumbnail

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এমাহ সাত দিনীয়া কন্যা শিশুৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ৷ অৰুণাচল প্ৰদেশৰ নামচাইৰ শিশুটোৱে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল । অৱশেষত বুধবাৰে মৃত্যুক আকোৱালি লয় ক’ভিডত আক্ৰান্ত হৈ থকা এমহীয়া কন্যা শিশুটো ৷ শেহতীয়াকৈ কৰ’ণা আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে যদিও অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এমহীয়া কন্যা শিশুগৰাকী মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.