গৰুখুটি কাণ্ডৰ প্ৰতিবাদত সংখ্যালঘু সমন্বয়ৰক্ষী সংগঠনৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 8:37 PM IST

thumbnail

ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ প্ৰতিবাদত সংখ্যালঘু সমন্বয়ৰক্ষী সংগঠনৰ উদ্যোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছু, নেমছুৰ সহযোগত শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ চতিয়া দক্ষিণাঞ্চল কৈৰয়ণীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ লগতে বিজেপি চৰকাৰ নিঃপাত যাওক অসম চৰকাৰ মূৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ লগতে সংগঠন কেইটাই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন, নিহত সকলক ১০ লাখকৈ ক্ষতিপূৰণ আৰু আহত সকলৰ উন্নত চিকিৎসা প্ৰদানৰ বাবে দাবী জনায় ৷ যদি চৰকাৰ এই পদক্ষেপ সমূহ অনতি পলমে গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত দিল্লীৰ ৰাজপথতো জংগী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত অৱগত কৰে সংগঠন কেইটাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.