লাইলাপুৰত গুলীবিদ্ধ আৰক্ষী জোৱানৰ বাসগৃহত মন্ত্ৰী যোগেন মহন

By

Published : Aug 2, 2021, 5:45 PM IST

thumbnail

অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ৰ লাইলাপুৰত সংঘটিত সীমা বিবাদ (Border Dispute)ক লৈ সৃষ্টি হোৱা গুলীয়াগুলিত গুলীবিদ্ধ অসম আৰক্ষী (Assam Police)ৰ জোৱানৰ বাসগৃহত দেওবাৰে উপস্থিত হয় পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন (Jogen Mohan)সহ বিজেপিৰ এক সঁজাতি দলৰ প্ৰতিনিধি ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি মচুকাত গুলীবিদ্ধ আৰক্ষী জোৱান অৰবিল হোজাইৰ লগতে পৰিয়ালবৰ্গক প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰি জোৱানগৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ সাক্ষাৎকালত 20 নং বৈঠালাংচ’ৰ বিধায়ক আৰু কাৰ্বি পৰিষদৰ প্ৰতিনিধিও উপস্থিত থাকে ৷ গুলীবিদ্ধ জোৱানগৰাকীক সাক্ষাৎ কৰাৰ পাচত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী যোগেন মহনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.