মুক্তিৰ প্ৰাকক্ষণত "মিডনাইট ছং"ৰ কলা-কুশলীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...

By

Published : Jan 26, 2021, 10:56 PM IST

thumbnail

২০২০ বৰ্ষৰ ১২ মাৰ্চত "তুমি আৰু মই" নামৰ এখন ছবি চিত্ৰগৃহলৈ আহিছিল যদিও দৰ্শকৰ কোনোধৰণৰ সঁহাৰি লাভ নকৰিলে । তাৰ পাছতেই বিশ্বত্ৰাসী মহামাৰী কৰ'ণাৰ বাবে দিয়া লকডাউনৰ ফলত ২০২০ বৰ্ষত মাত্ৰ ১ খন ছবিৰ মুক্তিতেই সীমাবদ্ধ থাকিব লগা হ'ল অসমীয়া ছবি জগত । সুদীৰ্ঘ ১২ মাহৰ বিৰতিৰ পাছত যোৱা শুকুৰবাৰে অসমৰ আঞ্চলিক প্ৰেক্ষাগৃহসমূহত মুক্তিলাভ কৰে হিমাংশু প্ৰসাদ দাসৰ বহুচৰ্চিত ছবি "গৰু"য়ে । মুক্তিৰ লগে লগেই ছবিখনক লৈ দৰ্শকৰ পাৰভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে । অসমীয়া ছবিৰ ভাল দিনৰ মাজতে ২৯ জানুৱাৰীত অসমৰ চিত্ৰগৃহত মুক্তি পাব চিত্ৰগৃহত মুক্তিপাপ্ত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ "মিডনাইট ছং" এ। উল্লেখ্য যে ১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰি সম্প্ৰতি সোণালী জয়ন্তী বৰ্ষ গৰকা "অনুৰাধা চিনেপ্লেক্স"ক ন ৰূপেৰে সজাই তোলা হৈছে। অহা ২৯ জানুৱাৰীত "মিডনাইট ছং" ছবিখনিৰে চিত্ৰগৃহটো পুনৰবাৰ মুকলি কৰা হ'ব । মুক্তিৰ প্ৰাকক্ষণত ছবিখনিৰ কলা-কুশলীৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিক হেমন্ত শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.