মাজুলীত ON CAMERA ভয়াৱহ খহনীয়া

By

Published : Jul 1, 2021, 7:57 PM IST

thumbnail

নিশ্চিহ্ন হৈ পৰিছে মাজুলীৰ ঐতিহাসিক কমলাবাৰী ফেৰীঘাট । অন কেমেৰা চপৰা-চপৰে খহিছে গৰা । বুঢ়ালুইতত জাহ গৈছে মাজুলীৰ বিশাল ভূ-খণ্ড । ভৰ বাৰিষা নদীত পেলাইছে জিঅ’ বেগ । উটি গৈছে কোটিটকীয়া জিঅ’ বেগ । ভয়াৱহ খহনীয়াৰ বাবে স্থানান্তৰিত কৰিছে কমলাবাৰীৰ ফেৰীঘাট । ঐতিহাসিক নতুন কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, খোৰাহোলা, মাজগাঁও, বামুণগাঁও, কমলাবাৰী চহৰলৈ আহিছে ভয়াৱহ ভাবুকি । মিনিটৰ ভিতৰত চপৰা-চপৰে খহিছে গৰা । খৰালি বিতৰ্কিত দুৰ্নীতিগ্ৰস্ত ব্ৰহ্মপুত্ৰ ব’ৰ্ড সাৰ পাইছে বাৰিষাত । বেজীৰ আগৰ ভূমিখণ্ডও বচাব পৰা নাই মাজুলীৰ । 237 কোটি টকীয়া জিঅ’ বেগৰ আঁচনি ইতিমধ্যে নদীত জাহ গ’ল । তাৰ পাছতো এনেদৰে ভৰ-বাৰিষা খহনীয়াৰ প্ৰকোপ বৃদ্ধি পালে হঠাৎ যুদ্ধংদেহী ৰূপত আৰ্বিভাৱ হয় ব’ৰ্ডৰ অভিযন্তা-বিষয়াসকল । এনেদৰে চলিছে মাজুলী সুৰক্ষাৰ নামত ভেকো-ভাওনা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.