গোলাঘাটৰ খুমটাইত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Nov 2, 2021, 5:05 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । বিশেষকৈ গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে । এইবাৰ জিলাখনৰ খুমটাইত এটা বৃহৎ হাতীৰ জাকে সৃষ্টি কৰিছে সন্ত্ৰাসৰ ৷ জাকটোত আছে প্ৰায় 70 টা হাতী ৷ খাদ্যৰ সন্ধানত পাহাৰৰ নামি আহি বৃহৎ হাতীৰ জাকটো জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । খুমটাইৰ চিনাতলী, গৰঙা, শাওঁতলী, বুটলীখোৱা আৰু গৰিয়াজান চাহ বাগিচাত প্ৰৱেশ কৰিছে হাতীৰ জাকটোৱে । হাতীসমূহে ধান, সৰিয়হ আদিও নষ্ট কৰা বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে । জাকটো খেদিবলৈ ৰাইজে বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে । উল্লেখ্য যে, সোমবাৰে নিশা দেওপাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকটো ধনশিৰি নদী পাৰ হৈ ধোদৰ আলি অতিক্ৰম কৰি গোটেই অঞ্চলটোত বিচৰণ কৰি ফুৰে ৷ আতংকিত ৰাইজে বন বিভাগক খবৰ দিছে যদিও উক্ত স্থানত সেই সময়ত বন বিভাগৰ লোকসকল উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.