লুৰিণজ্যোতি গগৈৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

By

Published : Sep 5, 2021, 5:20 PM IST

thumbnail

উত্তৰ-পূৱৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰি এক নতুন ৰাজনৈতিক মঞ্চ গঠনৰ দিশে আগবাঢ়িছে "অসম জাতীয় পৰিষদ" । ইটিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত এই নতুন ৰাজনৈতিক সমীকৰণৰ কথা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । ইতিমধ্যে এই মঞ্চ গঠনৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু খুব সোনকালেই আনুষ্ঠানিকভাৱে ই আত্মপ্ৰকাশ কৰিব । এই বিশেষ সাক্ষাৎকাৰত দলটোৰ সভাপতি গৰাকীয়ে কয় যে, বিগত বিধানসভা নিৰ্বাচনত ৰাইজে অসম জাতীয় পৰিষদক বিধানসভাৰ ভিতৰলৈ যোৱাৰ সপক্ষে ৰায়দান নকৰিলে আৰু জাতীয় পৰিষদে সেই ৰায় সন্মান সহকাৰে স্বীকাৰ কৰি লৈছে । কিন্তু অসম জাতীয় পৰিষদ সদায় ৰাইজৰ লগতে আছে আৰু থাকিব বুলি তেওঁ মন্তব্য কৰে । আনহাতে, আগন্তুক ছটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ প্ৰস্তুতি কেনেকুৱা ? আটাইকেইটা সমষ্টিতে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত জাতীয় পৰিষদে বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাটো কিয় বিচাৰে লুৰিণজ্যোতি গগৈয়ে ? এই বিষয়ত কংগ্ৰেছৰ সৈতে আলোচনা কৰাত কংগ্ৰেছৰ সঁহাৰি কেনেকুৱা আছিল  ? লুৰিণজ্যোতি গগৈ ক'ত প্ৰাৰ্থী হ’ব ? মৰিয়নিত নে থাওৰাত ? এনে বহু ৰাজনৈতিক নতুন প্ৰশ্নৰ উত্তৰ পাবলৈ চাওক ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা লুৰিণজ্যোতি গগৈৰ এই বিশেষ সাক্ষাৎকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.